Tamarhat:তামাৰহাটত বন বিভাগ – বি এছ এফ যৌথ অভিযান

৪ টা কেঁকো সাপসহ দুজনক গ্ৰেপ্তাৰ

WhatsApp Image 2023 04 12 at 6.29.01 PM 1

Tamarhat :

ধুবুৰী জিলাৰ অন্তৰ্গত তথা বিটিচি সীমান্তৱৰ্তী এলেকা তামাৰহাট থানাৰ খৰখৰি বজাৰত আজি বিয়লি বন বিভাগ আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে গোপন খবৰৰ ভিত্তিত যৌথ অভিযান চলাই নিষিদ্ধ ঘোষিত ৪ টা কেঁকো সাপসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কেঁকো সাপসহ গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে জিতেন্দ্ৰ ৰাভা, সাহাদত মণ্ডল ।

ADVERTISEMENT

এই লোক দুজন আন্ত : ৰাষ্ট্ৰীয় চোৰাং বেপাৰীৰ সৈতে আছে সম্পৰ্ক। অসমৰ পৰা কেঁকো সাপ আদি কৰি বন্য প্ৰাণীৰ হাড়, ছাল আদি সৰবৰাহ কৰি আহিছে।

ধৃত জিতেন্দ্ৰ ৰাভাৰ ঘৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজীগাওঁ থানাৰ অন্তৰ্গত বৰষিঝোৰা গাঁৱত আৰু আনজন সাহাদত মণ্ডল ঘৰ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা প্ৰথম খণ্ড গাঁৱত।

ইপিনে সাপ চাৰিটা জব্দৰ পিছতে বিপাঙত পৰিছে অভিযানকাৰী দলটো। কাৰণ জব্দ কৰাৰ পিছতো অভিযানকাৰী দলৰ হাতৰ পৰা হেৰাই যায় দুটাকৈ কেঁকো সাপ

এই ঘটনাই সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছে কেঁকো সাপ দুটা গাড়ীৰ ভিতৰত হেৰাল নে আন কোনো হ’ল সেয়া স্পষ্ট নহয় যদিও গাড়ীত হেৰুৱাই যোৱাৰ কথা উল্লেখ কৰে ।

বন বিভাগৰ বাহনৰ ভিতৰত সোমাই পৰে দুটাকৈ কেঁকো সাপ । কেঁকো সাপ বিচাৰি বাহনৰ প্ৰতিটো অংশ খুলি খুলি তালাচি। এটা সাপ উদ্ধাৰ হয় যদিও আন এটা সাপ বিচাৰি অভিযান অব্যাহত ৰাখিছে । ধৃত লোক দুজনক বন বিভাগে নিজৰ জিন্মাত লৈ আৰম্ভ কৰিছে তদন্ত

Exit mobile version