Genius World Record In Bihu Dance: বিহুৱে গঢ়িব বিশ্ব অভিলেখ

গীনিজ বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ'ল বিহু নৃত্যৰ,সৰুসজাইত ১১ হেজাৰতকৈও অধিক বিহুৱা বিহুৱতিয়ে প্ৰদৰ্শন কৰিলে বিহু,একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰ অভিলেখো স্থাপন হ'ল সৰুসজাইত

WhatsApp Image 2023 04 13 at 8.20.10 PM

Genius World Record In Bihu Dance:

অসমীয়া চহা জীৱনৰে সংপৃক্ত অনন্য সংস্কৃতি বিহু নৃত্যই আজি স্থাপন কৰিলে বিশ্ব অভিলেখ ৷ ১১,১০৪ গৰাকী ঢুলীয়া -নাচনীয়ে সৰুসজাই ষ্টেডিয়ামত বিহু নৃত্য আৰু ঢোল বাদনৰ দুটাকৈ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়।

গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতিত সন্ধিয়া ৫-৩০ বজাৰ পৰা সৰুসজাইত বিশ্ব অভিলেখ গঢ়াৰ ২০ মিনিট দৈৰ্ঘ্যৰ সমুহীয়া বিহু নৃত্য প্রদর্শনৰ মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী ৷

মনকৰিবলগীয়া যে,একেলগে এঘাৰ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু ৷ বিহুৰ নামত স্থাপন হ’ল দুটাকৈ বিশ্ব অভিলেখ।

একে স্থানত এঘাৰ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শনৰ অভিলেখৰ লগতে একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰ অভিলেখ স্থাপন হ’ল সৰুসজাইত

গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত ঢোলবাদন আৰু বিহু নৃত্যৰ প্ৰদৰ্শনেৰে অভিলেখ স্থাপন হ’ল ৷ বিহুৰ অপূৰ্ব পৰিৱেশনেৰে উদুলি মুদুলি হৈ পৰিল সৰুসজাই

উল্লেখ্য যে,পূর্বে ১৪ এপ্রিলৰ গৰু বিহুৰ দিনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখ স্থাপনৰ বাবে বিহু নৃত্য অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত এদিন পূর্বেই অৰ্থাৎ আজি সন্ধিয়াই বিশ্ব অভিলেখ স্থাপনৰ লক্ষ্যৰে প্ৰদৰ্শন কৰা হয় বিহু নৃত্য ৷

Exit mobile version