CP Diganta Bora Covid Positive :গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ক’ভিড পজিটিভ

অসমত ক'ভিড আক্ৰান্ত চাৰিজন,ৰাজ্যত ক'ভিড সংক্ৰান্তীয় কোনো পৰিস্থিতি উদ্ভৱ নাই :স্বাস্থ্যমন্ত্ৰী মহন্ত

WhatsApp Image 2023 04 16 at 5.24.48 PM

CP Diganta Bora Covid Positive :

দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে দ্ৰতগতিত ৷ একেদৰে অসমতো বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণ ৷ অসমত ক’ভিড আক্ৰান্ত চাৰিজন ৷ কৰিমগঞ্জ আৰু কামৰূপ মেট্ৰ’ত চাৰিজন ক’ভিড পজিটিভ ৷

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ ৷ ইতিমধ্যে আৰক্ষী আয়ুক্ত গৰাকী আছে হোম কোৱাৰেন্টাইনত ৷

দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা সন্দৰ্ভত ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মহন্তই কয়, ৰাজ্যত ক’ভিড সংক্ৰান্তীয় কোনো পৰিস্থিতি উদ্ভৱ নাই যদিও শেহতীয়াকৈ চাৰিজনৰ দেহত ধৰা পৰিছে ক’ভিড প’জিটিভ ৷

ইতিমধ্যে আটাইকেজনকে ৰখা হৈছে হোম আইছলেশ্যনত ৷ এই পৰ্যন্ত কোনো এজন ৰোগীকে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিবেশ সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version