Health Minister keshab Mahanta:
কেৱল ক’ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। ক‘ভিড ভেকচিনৰো থাকিব পাৰে৷ ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ থলীৰ আছে।
চৌদিশে ক‘ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত হৈ-ছৈ লাগি থকাৰ সময়তে আজি কলিয়াবৰত ভেকচিন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
কভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ ভয় শংকাৰ চৰ্চা চলি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।
বিভিন্নজনে স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে মুকলিকৈয়ে প্ৰশ্নৰ উত্থাপন কৰিছে যে, ক’ভিদ ভেকচিন প্ৰদানেৰে একপ্ৰকাৰ পৰীক্ষাগাৰৰ গিণিপিগ সজালে নেকি সাধাৰণ জনতাক? সাধাৰণ জনতাৰ ওপৰতহে ইয়াৰ পৰীক্ষা কৰা হ’ল নেকি ?
ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভেকচিনক লৈ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন কৰাৰ কথা একেষাৰেই নস্যাৎ কৰি ক’ভিড ভেকচিনক লৈ কোনো ব্যৱসায় চলা নাই বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে অখিল গগৈৰ মন্তব্যক নস্যাৎ কৰি কয় ¸ অসমত পাঁচ কোটিৰো অধিক লোকক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷ এনে অভিযোগ অসত্য ৷ ইফালে স্বয়ং স্বাস্থ্যমন্ত্ৰীৰ মুখতে ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা শুনি চিন্তিত হৈ পৰিছে জনসাধাৰণ ৷
উল্লেখ্য যে প্ৰথমবাৰলৈ ভেকচিন পাশ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিলে ভাৰত চৰকাৰে। বিজলুৱা অংশত খজুৱতি,ৰঙা ৰঙা দাগ,টোপনিৰ এলাহ, মূৰ ঘূৰণি,মানসিক চাপ অকাৰণত ভাগৰুৱা অনুভৱ আৰু গাৰ বিষো হৈছে ভেকচিন লোৱাৰ পিছত বহুতৰে ৷
একেদৰে হাত,বাহু,কলাফুলত বিষ অনুভৱ,চকুৰ বিষ,দৃষ্টিশক্তি হ্ৰাস পোৱা,বুকুৰ বিষৰ লগতে উশাহ ছুটিৰ লগতে কাৰণ নোহোৱাকৈ বমি ভেকচিনৰ চাইড ই’ফেক্ট বুলি নিশ্চিত কৰা হৈছে ৷































