Felicitation Of Theatre Personality : অসম নাট্য সন্মিলনৰ দ্বাৰা প্ৰবীণ আৰু ৰোগাক্ৰান্ত নাট্যকৰ্মীক সম্বৰ্ধনা

WhatsApp Image 2023 04 16 at 6.44.43 PM

Felicitation Of Theatre Personality :

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে বছৰটোৰ প্ৰথম দিন এক ব’হাগত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰবীণ আৰু ৰোগাক্ৰান্ত শিল্পীসকলক ব’হাগ বিহুৰ ওলগ জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ লোৱা হয়।

অসম নাট্য সন্মিলনৰ প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে জনোৱা মতে অসমৰ নাট্য সন্মিলনৰ বিভিন্ন জিলা মণ্ডল আৰু শাখা সমিতিসমূহে নিজ নিজ অঞ্চলত প্ৰবীণ নাট্যকৰ্মীসকলৰ বাসস্থান লৈ গৈ তেখেতসকলৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনায়।

নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাসে বিজনীত অসমৰ নাট্য জগত লৈ যুগমীয়া অৱদান আগবঢ়োৱা বিজনী অঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তি হৰেন দাস, ফটিকচন্দ্ৰ দাস, অৰুণ বসুমতাৰী আৰু মঞ্জু দাসৰ বাসগৃহ লৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অতীত স্মৃতি ৰোমন্থন কৰি মত বিনিময় কৰে।

আনফালে, ধুবুৰী শাখাই ধুবুৰীৰ তিনিজন নাট্যকৰ্মী অৰ্জুন শৰ্মা, নিৰেজ চক্ৰৱৰ্তী, অজয় মিত্ৰ আৰু বৰপেটা শাখাই সু-সাংবাদিক অলনলোচন দাসৰ অসুস্থতাৰ খবৰ লৈ তেখেতৰ আৰোগ্য কামনা কৰে।

হাউলী শাখাও হাউলীৰ বিশিষ্ট আৰু প্ৰবীণ নাট্য শিল্পী ভুৱনেশ্বৰ পাঠকক তেখেতৰ বাসগৃহত সম্বৰ্ধনা জনায়। বৰপেটা আৰু হাউলী এই অনুষ্ঠানত নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি হৰেকৃষ্ণ দাস আৰু হাউলী শাখাৰ উপ-সভাপতি ধনঞ্জয় বৰ্মন আৰু সম্পাদক চম্পক নাথ উপস্থিত থাকে।

Exit mobile version