kejriwal Visit Cbi Office:সমদল কৰি চিবিআইৰ কাৰ্যালয়ত হাজিৰ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

সংগ দিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেজৰিৱালৰ কেবিনেট সতীৰ্থই

WhatsApp Image 2023 04 16 at 2.39.28 PM 1

kejriwal Visit Cbi Office:

শুক্ৰবাৰে চি বি আইৰ তৰফৰ পৰা প্ৰেৰণ কৰা জাননী অনুসৰি আজি নিৰ্ধাৰিত সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল হাজিৰ হয় অনুসন্ধান সন্থাটোৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত হাজিৰ হয় ৷

বহু চৰ্চিত আবকাৰী নীতিৰ গোচৰত জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সন্থাৰ মুখ্য কাৰ্যালয়লৈ অহাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হয় মহাত্মা গান্ধীৰ সমাধিস্থলত ৷

সমাধিস্থলত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেবিনেট সতীৰ্থ সহ সহস্ৰাধিক সমৰ্থক সমদল কৰি চি বি আই কাৰ্যালয় অভিমুখে অগ্ৰসৰ হয় ৷

কিন্ত আদবাটতে লোধি পথৰ সমীপত আপৰ মন্ত্ৰী – বিধায়ক,সাংসদ আৰু নেতা- কৰ্মী সকলক আৰক্ষীয়ে বাধাৰোপ কৰে ৷ তাতে তেওঁলোকে ৰাজপথতে বহি ধৰ্ণা দিয়ে ৷ অৱশ্যে পাছত অৰবিন্দ কেজৰিয়াল আৰু তেওঁ অধিবক্তাই চিবি আই কাৰ্যালয়ত উপস্থিত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি চিবি আই সদৰ দপ্তৰত জ্যেষ্ঠ বিষয়া বৰ্গই দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰিৰ ঘটনাটো সন্দৰ্ভত কেজৰিৱালক সোধপোছ অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,দেওবাৰে দিল্লী মুখ্যমন্ত্ৰী কেজৰিৱাল চিবিআইৰ সদৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে কাৰ্যালয়ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

আনকি সম্ভাব্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিছে প্ৰায় এক সহস্ৰাধিক অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷
একেদৰে চাৰিজনকৈ অধিক লোক গোট নাখাবৰ বাবে সমগ্ৰ অঞ্চলটোত ভা : দ: বিধি আইনৰ ১৪৪ ধাৰা বলবৎ কৰিছে ৷

আনহাতে আপৰ মুৰব্বী গৰাকীক চিবিআইয়ে চমন কৰি তলব কৰা কাৰ্যক আপে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

ইয়াৰ বিপৰীতে বিজেপিয়ে ওলোতাই আপক কটাক্ষ কৰি কয়, দিল্লীত আপৰ চৰকাৰে আবকাৰী নীতিত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে ৷ এনে প্ৰেক্ষাপটত অনুসন্ধানকাৰী সন্থাৰ চমনক লৈ শংকিত হোৱাৰ কাৰণ কি বুলি মন্তব্য কৰে ৷

Exit mobile version