Betting Gambling :
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগ্চ-কানি আদিৰ নিছাযুক্ত সামগ্ৰীৰ কৱলত পৰি ইতিমধ্যে বহু পৰিয়াললৈ ঘোৰ অন্ধকাৰ নামি অহাৰ বিপৰিতে শেহতীয়াকৈ ডাবোলগুটি সদৃশ জুৱাৰ কৱলত পৰি সৰ্বস্বান্ত হোৱাৰ এক খবৰ প্ৰকাশ্যেত অহাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
একাংশ ধনলোভী জুৱাৰীয়ে আৰক্ষীৰ চকুত ধুলি দি অত্যন্ত ভিতৰুৱা টিপং অঞ্চলত অতি গোপন ভাবে ডাবোলগুটি সদৃশ জুৱা খেল চলাই আহিছে।
উল্লেখ্য যে, লেখাপানী থানাৰ অন্তৰ্গত, লেখাপানী, টিৰাপ, জাগুন, টিপং আদি অঞ্চলত এতিয়া চোৰাং কাঠ, অবৈধ সুৰা, কাণি আৰু মাৰাত্মক ড্ৰাগচৰ বেহা অব্যাহত থকাৰ সমান্তৰালকৈ শেহতীয়া কৈ অঞ্চলটোত আৰম্ভ হৈছে ডাবোলগুটি, টিৰ আদি দৰে জুৱা খেলৰ মুকলি বেহা।
অঞ্চলটোৰ বিভিন্ন ঠাইত অব্যাহত থকা এনে অবৈধ বেহাই অঞ্চলটোৰ শৈশিক, সামাজিক আৰু অৰ্থনৈক দিশত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাইছে। ছাত্ৰ-ছাত্ৰী সকলে চকুৰ সমুখতে নিতৌ অবাধে মুকলিকৈ চলি অহা এনে বেহা দেখি অহাৰ ফলত এই বেহাই ছাত্ৰ- ছাত্ৰী সকলৰ মন মগজুতও এক কু-প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে।
বহু লোকে এনে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰাত অঞ্চলটোৰ সামাজিক সুস্থ পৰিবেশ বিনষ্ট কৰি পেলাইছে। বিশেষকৈ এতিয়া লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙৰ ঢালাই আৰু চালিত মুকলিকৈ চলিব ধৰিছে টিৰ ডাবোলগুটি আদিৰ দৰে জুৱা খেল।
জনৈক ৰাহুল ওৰফে মুন্না, বিকাশ, আকান্ত, লামা, চুব্বা আদি নামৰ লোক কেইজনৰ নেতৃত্বতেই টিপং ঢালাই আৰু চালিত ডাবোলগুটি জুৱা খেলৰ মুকলি বেহা চলি অহা বুলি জানিব পৰা গৈছে।
প্ৰতিদিনাই হোৱা এই জুৱা খেলৰ চিকাৰ হৈ পৰিছে অঞ্চলটোৰ বহু লোক। ইতিমধ্যে এনে জুৱা খেলত আসক্ত হৈ অৰ্থনৈতিক ভাৱে সৰ্বস্বান্ত হৈ পৰিছে অঞ্চলটোৰ বহু কেইটা পৰিয়ালও। ইমানেই নহয় মুকলি কৈ হোৱা এই ডাবোলগুটি আৰু টিৰ খেলত স্কুল -কলেজীয়া বহু ছাত্ৰও আসক্ত হৈ পৰাৰ অভিযোগ উঠিছে।
কাৰ ছত্ৰছায়াত এই জুৱা মাফিয়া চক্ৰটোৱে টিপঙৰ ঢালাই আৰু চালিত এনেদৰে টিৰ, ডাবোলগুটি আদি অবৈধ জুৱা খেলৰ মুকলি বেহা চলাই আহিবলৈ সক্ষম হৈছে সেয়া এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে।উল্লখ্য যে, লেখাপানী আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত অৱস্থিত টিপং টাউন শ্বীপত চলি অহা এনে জুৱা খেল আৰক্ষীয়ে কিয় দেখা পোৱা নাই বুলিও প্ৰশ্ন উঠিছে।
আৰক্ষীক মেনেজ কৰিয়েই এতিয়া একাংশ জুৱা মাফিয়াই আইন কানুনক বুঢ়া আঙুলি দেখুৱাই এনেধৰণে টিপঙত ডাবোলগুটি, টিৰ আদি জুৱা খেলৰ মুকলি বেহা চলাই আহিবলৈ সক্ষম হৈ পৰিছে বুলি মন্তব্য কৰিছে অঞ্চলটোৰ সচেতন মহলে।
ইফালে আৰক্ষীয়ে এই জুৱা মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ বিপৰীতে আৰক্ষী আৰু সাংবাদিকক মেনেজ কৰি অহা বুলি কৈ নিজকে ফিটাহি মাৰি জুৱা মাফিয়াই দপদপাই থকা বুলিহে চৰ্চা চলিছে অঞ্চলটোত।