Karigaon : কাৰিগাওঁত আছাৰ কাৰিগাওঁ সমিতিৰ শপত গ্ৰহণ

716568d2 8edb 464c 8488 ec2d4969f15c

Karigaon :

আজি কোকৰাঝাৰ জিলাৰ কাৰিগাওঁৰ সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা) কাৰ্য্যলয়ত আছাৰ কাৰিগাওঁ আঞ্চলিক সমিতিৰ নৱ নিৰ্বাচিত সদস্য সকলক শপত বাক্য পাঠ কৰোৱায় আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক লক্ষীৰাম হেম্ব্ৰমে।

কাৰিগাওঁ আঞ্চলিক সমিতিখনে যোৱা তিনি মাৰ্চ তাৰিখে ৩১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰি নতুন ৰূপত নতুন আশাত কাম কৰাৰ দৃঢ় বিশ্বাস কৰে আঞ্চলিকৰ সদস্য সদস্যা সকলে।

৩৬ খন গাওঁ সামৰি আঞ্চলিক সমিতিখনে ৰাইজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।আদিৱাসী জনগোষ্ঠীটোৰ শৈক্ষিক,সমাজিক,অৰ্থনৈতিক দিশত বিভিন্ন কাম কৰিব আঞ্চলিক সমিতিখনে।

আজি এই অনুষ্ঠানটোৰ যোগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহ সাংগঠনিক সম্পাদক বিশাল কৰ্মকাৰে অসম চৰকাৰলৈ আহ্বান জনাই যোৱা ২০২২ চনৰ ১৫ চেপ্তেম্বৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত পাচটা আদিবাসী যুদ্ধবিৰতি সংগঠন শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত সাত মাহ উকলি যোৱাৰ পাছতো অসম চৰকাৰে আদিবাসী কল্যাণ উন্নয়ন পৰিষদ গঠন নকৰাত জাঙূৰ খাই উঠে।

Exit mobile version