Kidnap Incident In Guwahati :ডিমাপুৰৰ অপহৃত দুই ব্যৱসায়ীক মহানগৰীৰ নটবামত উদ্ধাৰ আৰক্ষীৰ

গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা অপহৰণ কৰিছিল দুই ব্যৱসায়ীক,অপহৰণকাৰীয়ে মুক্তপণ দাবী কৰিছিল ১০ লাখ টকা

WhatsApp Image 2023 04 18 at 12.41.14 PM

Kidnap Incident In Guwahati :

ক্ৰমাৎ অপৰাধীৰ অন্যতম কৰিডৰ হৈ পৰিছে গুৱাহাটী মহানগৰ ৷ স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ ৷

মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা অপহৃত হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ দুই ব্যৱসায়ীক ৷ অৱশ্যে মঙলবাৰে উদ্ধাৰ কৰে দুয়োজন ব্যৱসায়ীকে ৷

প্ৰাপ্ত খবৰ অনুসৰি হাতীগাওঁৰ এজন দুৰ্ধৰ্ষ ড্রাগছ ব্যৱসায়ীয়ে অপহৰণ কৰিছিল দুই ব্যৱসায়ীক৷ ডিমাপুৰৰ দুই ব্যৱসায়ীক অপহৰণ কৰাৰ পাছত মুক্তিপণ হিচাপে দাবী কৰিছিল দহ লাখ টকা ৷ অপহৃত ব্যৱসায়ী কেইজন হ’ল উত্তম জয়ছোৱাল আৰু কানহায়া সিং ৷

দুই ব্যৱসায়ীক গৰু বিহুৰ দিনা গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা অপহৰণ কৰাৰ পাছত আৱদ্ধ কৰি ৰাখিছিল হাতীগাওঁৰ নটবমাৰ চুকাফা পথত ৷

আনহাতে পলাতক অৱস্থাত আছে অপহৰণকাৰী ফাৰুক আহমেদ ৷ ড্ৰাগছ মাফিয়া ফাৰুকৰ সন্ধানত হাতীগাওঁ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

অপহৰণ কাণ্ড সম্পৰ্কত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ফাৰুকৰ পত্নী অলি দেৱী নাথ আহমেদক ৷

Exit mobile version