KLO : কেএলঅৰ বহিষ্কৃত সদস্যৰ সংবাদ মাধ্যমলৈ ভিডিঅ বাৰ্তা প্ৰেৰন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ

KLO :

চৰকাৰৰ লগত আলোচনাৰ বাবে কেএলঅৰ চেয়াৰমেন জীৱন সিঙহৰ নেতৃত্বত কে’বাজনো সদস্য ঘন জংঘল এৰি অসমৰ ভূমিত পদাৰ্পন কৰি এতিয়া সেনা শিবিৰতে আছে ।

ইয়াৰ মাজতে বিশ্বজিৎ কোচ আৰু জয় প্ৰকাশ বৰ্মণক কেএলঅৰ পৰা বহিস্কাৰ কৰি সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰে কে এল অ প্ৰধান জীৱন সিংহই ।

উক্ত পত্ৰতেই নীতিবহি:ভুত কাম কৰাৰ বাবেই বহিস্কাৰৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰিছে । জীৱন সিংহৰ সংবাদমাধ্যমলৈ পত্ৰ প্ৰেৰনৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে KLOৰ সদস্য কমলেশ্ব কোচ ওৰফে কৰ্ণ বৰ্মনে ।

জীৱন সিংহৰ এই সিদ্ধান্তক মানি নলয় আন KLO ৰ সদস্যয় । আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদমাধ্যমলৈ ভিডিঅ বাৰ্তা প্ৰেৰন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জীৱন সিংহক RAW ৰ এজেণ্ট বুলি ক’লে কমলেশ্ব কোচ ওৰফে কৰ্ণ বৰ্মনে।

উল্লেখ্য যে শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে জীৱন সিংহৰ নেতৃত্বত কে এল ওৰ ১৮ জনীয়া দল এটা ম্যানমাৰৰ পৰা ওলাই আহি চৰকাৰৰ পৃষ্ঠপোষকতাত মান্দাকাটাৰ অসম কামাণ্ডৰ শিৱিৰত আশ্ৰয় লৈ আছে ।

ৰঙালী বিহুৰ বাবে কে এল ওৰ সদস্য সকলোক চৰকাৰে চৰ্ত সাপেক্ষে মুক্ত বিচৰণৰ সুবিধা দিছিল সেই অনুসৰি জয় প্ৰকাশ বৰ্মণ আৰু বিশ্বজিৎ কোচ নিজ ঘৰলৈ আহে যদিও ১৬ এপ্ৰিলত জীৱন সিংহ স্বাক্ষৰিত এক পত্ৰযোগে দুই নেতাক বহিস্কাৰ কৰা বুলি প্ৰকাশ কৰিছে যদিও সংগঠনৰ ভিতৰচৰাত যিধৰনৰ বাদবিসম্বাদৰ সৃষ্টি হৈছে এনেবিসম্বাদে সংগঠনটোৰ বহুতো ক্ষতি কৰিব বুলি সচেতন মহলে প্ৰকাশ কৰে ।

Exit mobile version