Temperature in Guwahati : প্ৰচণ্ড গৰমে দহিছে মহানগৰবাসীক

763ae8e0 085a 4f81 a264 6f3ae3460af3

Temperature in Guwahati :

মঙলবাৰৰ দিনটোত মহানগৰীত তাপমাত্ৰা আছাল ৩৮ ডিগ্ৰী ছেলচিয়াছ বহাগৰ প্ৰথম দিনটোৰ পৰা প্ৰচণ্ড গৰমে দহিছে মহানগৰবাসীক ৷

ফলত ত্ৰাসিমধূসন দেখিছে মহানগৰবাসীয়ে ৷ যোৱা তিনিটা দিনত পাৰাস্তম্ভ ঊৰ্ধ্বগামী হৈছে ৷ এপ্ৰিল মাহতে উৎকট গৰমে ৰাইজক জলাকলা খুৱোৱাৰ পাছত আগন্তুক মাহ কেইটাক গৰমৰ মাত্ৰা কিমান হ’ব পাৰে তাক লৈ চিন্তিত মহানগৰীৰ বাসিন্দা ৷

শেহতীয়াকৈ গোলকীয় উষ্ণতাৰ বাবে অত্যাধিক গৰম হৈছে বুলি অনুমান কৰিছে বতৰ বিজ্ঞানীসকলে ৷আনহাতে উত্তাপ বৃদ্ধিৰ বিপৰীতে বজাৰত উভৈনদী হৈছে নেমু,ডাবৰ পানী,তৰমুজ আৰু কুঁহিয়াৰ ৷ উৎকট গৰমৰ শাত পেলাবলৈ গ্ৰহণ কৰিছে এই সমূহ ফলমুল ৷

Exit mobile version