Tiger : তিনিদিন ধৰি বাঘৰ আক্ৰমণত মৃত্যু দুজন, উত্তৰাখণ্ডত জাৰি কাৰফিউ

WhatsApp Image 2023 04 18 at 2.49.18 PM

Tiger :

একেৰাহে তিনিদিন ধৰি বাঘৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে। স্থানীয় প্ৰশাসনে সতৰ্ক হ’বলৈ উত্তৰাখণ্ডৰ ২৫ খন গাঁৱত কাৰফিউ জাৰি কৰিছে।

ৰাজ্যখনৰ কে’বাঠাইতো বাঘটো বিচৰণ কৰা দেখা গৈছে । লগতে মৃত্যুৰ বাবেও বৃহৎ অঞ্চললৈ আশংকা বিয়পি পৰিছে । মঙলবাৰৰ লৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

দেওবাৰে, ৰণবীৰ সিং নেগী নামৰ এজন জেষ্ঠলোকৰ আধা খোৱা মৃতদেহ স্থানীয় বন ৰেঞ্জাৰে উদ্ধাৰ কৰে। তথ্য অনুসৰি, ৰণবীৰ তেওঁৰ ঘৰত অকলে বাস কৰে।

শনিবাৰৰ পৰাই তেওঁৰ স’তে যোগাযোগ কৰিব পৰা নাছিল । বাৰে বাৰে ফোন কৰা স্বত্বেও, পৰিয়ালৰ সদস্যসকলে উত্তৰ পোৱা নাছিল ।

অনুসন্ধান আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ ঘৰৰ সমীপত তেজৰ দাগ পোৱা যায়। ব্যক্তিজনৰ আধা খোৱা মৃতদেহটো তেওঁৰ ঘৰৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত পোৱা গৈছিল।

এই ঘটনাটোৰ তিনিদিন আগতেই, ঘেঁহুৰ পথাৰৰ পৰা আন এজন লোকৰো মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, বাঘৰ আক্ৰমণৰ বাবে আতংকিত হৈ পৰিছে পাউৰী জিলাৰ বাসিন্দাসকল । স্থানীয় বিধায়ক দিলীপ সিং কুঁৱৰে ইতিমধ্যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ এখন পত্ৰও লিখিছে।

এতিয়াৰ বাবে, বাঘটোক ধৰিবলৈ এটা ফান্দ স্থাপন কৰা হৈছে। মানুহে যাতে অৰণ্যৰ চাৰিওফালে নাযায় তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

২৫ খন গাঁৱত কাৰফিউ জাৰি কৰা হৈছে। ইফালে, বাঘটো বিচৰণ কৰাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

Exit mobile version