Ankita Dutta :যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ অংকিতা দত্তৰ !

প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাৎ অংকিতাৰ

945819ae 0528 49a3 9bfd 29f63452cf51

Ankita Dutta :

নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্রীনিবাসৰ বিৰুদ্ধে নির্যাতন চলোৱা বুলি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তই উত্থাপন কৰা কেতবোৰ অভিযোগে দলীয় মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দত্তই ৰাষ্ট্ৰীয় সভাপতিজনৰ লিংগ বৈষম্যৰো বলি হোৱাৰ অভিযোগ কৰাত কংগ্ৰেছৰ মজিয়াত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এনে গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতে ৰাষ্ট্ৰীয় সভাপতিজন দত্তৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ উঠাৰ অভিযোগো উঠিছে।

অংকিতা দত্তই এই অভিযোগ কৰি কয়, ‘মই সত্য কথা কৈছো আৰু সেই সত্য ৰাজহুৱা হোৱাত সভাপতি শ্রীনিবাস আৰু ৰাষ্ট্ৰীয় সম্পাদক বর্ধন যাদৱে অসমৰ দলৰ সকলো গোটলৈ মোক হাৰাশাস্তি কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে। তদুপৰি এনে অভিযোগৰ কাৰণ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ লগত দত্তৰ ঘনিষ্ঠ সম্পর্ক থকা বুলিও শ্রীনিবাস আৰু বৰ্ধনে প্ৰচাৰ চলোৱা বুলি দত্তই কয়।

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক ইয়াৰ ওপৰত দৃষ্টি দিবলৈও ড° দত্তই আহ্বান জনাইছে। বিশেষকৈ শ্রীনিবাসে প্রতি মুহূৰ্ততে এগৰাকী মহিলা হিচাপে তেওঁক নির্যাতন চলাই অহা বুলি উল্লেখ কৰা ড° দত্তই আক্ষেপ কৰে যে তেওঁ এই বিষয়ে উপযুক্ত স্থানত অভিযোগো দাখিল কৰিছে; কিন্তু ইয়াৰ কোনো তদন্ত নহ’ল।

যাৰ বাবে কংগ্ৰেছ মহিলাৰ বাবে সুৰক্ষিত নে বুলিও প্রশ্ন কৰি দত্তই কয়, মই অভিযোগ দাখিলৰ পাছত ন্যায় বিচাৰি আৰু দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ভাবি নীৰৱে কে’বামাহো অপেক্ষা কৰিছিলো; কিন্তু শেষত গম পালো যে শ্রীনিবাসৰ বিৰুদ্ধে যাবলৈ কোনো এজনো আগ্ৰহী নহয়। ৰাহুল গান্ধীৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছিল। সেই বিশ্বাসৰ বাবে ভাৰত জোড়ো কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ ম‍ই জম্মুলৈ গৈছিলো।

তেতিয়াও শ্রীনিবাসে মোক হাৰাশাস্তি কৰিছিল। মই এগৰাকী মহিলা নেত্রী। যদি মই এনে ধৰণে হাৰাশাস্তি ভুগি থাকিবলগীয়া হয়, তেনেহ’লে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিবলৈ মহিলাসকলক কেনেকৈ উৎসাহিত কৰিম? শ্রীনিবাসে ভাবে যে তেওঁ অতি শক্তিশালী আৰু প্ৰভাৱশালী। ডাঙৰ নেতাৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছে, গতিকে নিজৰ সংগঠনৰ মহিলাক হাৰাশাস্তি কৰিব পাৰে। মোৰ মূল্যবোধ আৰু শিক্ষাই মোক এইবোৰ সহ্য কৰি থাকিবলৈ নিদিয়ে।

আমাৰ দলৰ নেতৃত্বই এই ধৰণৰ ঘটনাবোৰক লৈ কাণেৰে নুশুনা ভূমিকা লৈ আহিছে।’ এই অভিযোগৰ জৰিয়তে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰোদ্ধেও পৰোক্ষভাৱে দত্তই ব্যবস্থা গ্রহণ নকৰাৰ ক্ষোভ প্রকাশ কৰে।

দত্তই এইদৰেও উল্লেখ কৰে যে পূৰ্বৰ যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ কুমাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠাত তেওঁক পদৰ পৰা আঁতৰোৱা হৈছিল। অথচ যোৱা ছমাহে শ্রীনিবাসে মানসিক নির্যাতন আৰু বৈষম্য কৰি অহা সত্ত্বেও তেওঁক মনে মনে থাকিবলৈহে কোৱা হৈছিল।

সেই কাৰণে কোনো তদন্তৰো ব্যৱস্থা কৰা নহ’ল। শ্রীনিবাসৰ বিৰুদ্ধে সৰৱ হৈ দত্তই লগতে কয়, ‘এজন যৌনতাবাদী আৰু শোষণবাদী কেনেকৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকিব পাৰে, যিয়ে এগৰাকী মহিলাক নিৰ্যাতন চলায়, হেয়জ্ঞান কৰে। প্ৰিয়ংকা গান্ধীৰ লড়কী হু লড় চকতি হু শ্ল’গান ক’লৈ গ’ল? দত্তই এইদৰেও কয়, ‘মই চতুৰ্থ পীড়িৰ কংগ্ৰেছ কৰ্মী।

মই দলৰ আভ্যন্তৰীণ সংগঠনৰ নিৰ্বাচনত দুবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছো। বুথ কমিটী গঠন কৰিছো, আৰক্ষীৰ লাঠিৰ কোব খাইছো, ম‍ই দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু আইন অধ্যয়ন কৰিছো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ম‍ই পি এইছ ডি অৰ্জন কৰিছো।

কংগ্ৰেছৰ বাবে সকলোখিনি কৰিছো। তথাপি শ্রীনিবাসৰ নির্যাতন বন্ধ নহ’ল। প্ৰসংগক্রমে উল্লেখ্য যে সম্প্রতি যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ মাজতে অংকিতা দত্তৰ এনে অভিযোগে ৰাষ্টীয় ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰিছে।

আনহাতে এনে ঘটনা ক্ৰমৰ মাজতে মঙলবাৰে অংকিতা দত্তই সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ সভাপতি গৰাকীৰ স’তে এক বৈঠকত মিলিত হয় যুৱ কংগ্ৰেছৰ নেত্ৰী গৰাকী ৷

Exit mobile version