Borholla : বৰহোলাত কাৰ্যবাহী দণ্ডাধীশ আৰু কৃষি উন্নয়ণ বিষয়াৰ মাজত মাৰপিট

Screenshot 20230419 192015 Video Player 01

Borholla :

তিতাবৰ মহকুমাৰ বৰহোলাত আজি এগৰাকী কাৰ্যবাহী দণ্ডাধীশ আৰু কৃষি উন্নয়ণ বিষয়াৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৰহোলাস্থিত এটা ধান ক্ৰয় কেন্দ্ৰত তিতাবৰৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাস আৰু কৃষি উন্নয়ণ বিষয়া বিশ্বজিৎ দাস আজি দিনৰ ভাগত কৰ্তব্যৰত অৱস্থাত উপস্থিত থকা সময়তে দুয়োৰে মাজত সামান্য কথাৰ কটাকটি লাগি পাছত মাৰপিটৰ ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি ধান ক্ৰয়-বিক্ৰয়ক লৈ দুয়ো প্ৰশাসনিক বিষয়াৰ মাজত সৃষ্টি হোৱা মনোমালিন্য মাজতে বিশ্বজিৎ দাস নামৰ কৃষি উন্নয়ণ বিষয়াগৰাকীয়ে কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসক এটা পূৰ্ণহতীয়া চৰ মাৰে।

ইফালে দণ্ডাধীশ গৰাকীয়েও কৃষি বিষয়া বিশ্বজিৎ দাসক বুকুত ধৰি গতিয়াই পেলাই দিয়া বুলি অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পাছতে স্থান, দায়িত্ব আৰু কৰ্তব্য পাহৰি যোৱা এই দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

যি ঘটনাই বৰ্তমান তিতাবৰৰ প্ৰশাসনিক মহল আৰু সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সকলো হতভম্ব হৈ পৰিছে।

উল্লেখযোগ্য যে,আজি পুৱাৰ ভাগত দুয়োজনৰ ফোনযোগে কিছু কথাৰ মনোমালিন্য হৈছিল । ইতিমধ্যে দুয়ো পক্ষই ঘটনাৰ সন্দৰ্ভত বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

দণ্ডাধীশ বেদাংগ কাশ্যপ দাসৰ এজাহাৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে ১৮/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

আনহাতে কৃষি বিষয়া বিশ্বজিৎ দাসৰ এজাহাৰৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে ১৯/২৩ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে। বৰ্তমান দুয়োপক্ষৰ গোচৰৰ ৩৫৩/২৯৪/৩২৩ ধাৰাত বৰহোলা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ।

দুয়োগৰাকী বিষয়াই কৰ্তব্যৰত অৱস্থাত কাজিয়া লাগি থানাত এজাহাৰ পৰ্যন্ত দাখিল কৰিব লগীয়া হোৱা অতি দুৰ্ভাগ্যজনক ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাইছে বৰহোলাৰ দল-সংগঠনে।

লগতে সমাজত বিৰূপ প্ৰভাৱ পেলোৱা এনে কাৰ্যত অলপ সংযমী হ’বলৈও দায়িত্বশীল বিষয়াসকলক আহ্বান জনাইছে সচেতন মহলে।

Exit mobile version