Covid Update : একে দিনাই ক’ভিডত মৃত্যু ৩৮ জন লোক, মাস্ক পিন্ধাৰ পৰামৰ্শ বিশেষজ্ঞৰ

WhatsApp Image 2023 04 11 at 4.14.29 PM

Covid Update :

পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । সমগ্ৰ দেশতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ। বিশেষজ্ঞসকলে দাবী কৰিছে যে মূলতঃ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ বাবেই এই সংক্ৰমণ বৃদ্ধি পাইছে। সকলোকে আতংকিত হোৱাতকৈ সাৱধান হ’বলৈ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে।

বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ১০,৫৪২ জন লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি হৈ আছে। বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৩,৫৬২ জন। যদিও চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ কম, মাৰাত্মক এই ভাইৰাছৰ ফলত এতিয়াও মৃত্যু অব্যাহত আছে ।

যোৱা ২৪ ঘণ্টাত, ক’ভিডৰ ফলত ৩৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ছয়জনৰ মৃত্যু হয়। দিল্লীত পাঁচজন, ছত্তীশগড়ত চাৰিজন আৰু কৰ্ণাটকত তিনিজন লোকৰ মৃত্যু হয় । ইফালে ৰাজস্থানতো, কৰ’নাত দুজন লোকৰ মৃত্যু হয়।

পুডুচেৰী, পঞ্জাৱ, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু কেৰালাতো এজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। কৰ’নাত এতিয়ালৈকে পাঁচ লাখ ৩১ হেজাৰ ১৯০ জন লোকৰ মৃত্যু হৈছে।

অৱশ্যে, বৰ্ধিত সুস্থতাৰ হাৰে নতুন কৰ’না প্ৰাদুৰ্ভাৱৰ মাজত সকাহ প্ৰদান কৰিছে। বৰ্তমান, ৯৮.৬৭ শতাংশ লোক ভাইৰাছৰ পৰা আৰোগ্য হৈছে।

যোৱা ২৪ ঘণ্টাত, ১,০৭৫ জন লোক কৰ’নাৰ পৰা আৰোগ্য হৈছে। সমগ্ৰ দেশতে কৰ’না নিয়ন্ত্ৰণত ৰাখিবলৈ পৰীক্ষা আৰু টিকাকৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

একে সময়তে, জনবসতিপূৰ্ণ এলেকা বা বাছ আৰু ৰেলত মাস্ক পৰিধান কৰাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শও দিছে বিশেষজ্ঞসকলে ।

Exit mobile version