Manisha Murder Case In Tezpar :মনীষা হত্যাৰ অভিযুক্ত দেৱাশীষে সহযোগিতা আগবঢ়োৱা নাই আৰক্ষীক

পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত

d6697614 e859 46af ac7a 7e396b334578

Manisha Murder Case In Tezpar :

তেজপুৰস্থিত পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী মনীষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এই পর্যন্ত সহযোগিতা আগবঢ়োৱা নাই। উল্লেখ্য যে ১৩ এপ্ৰিলৰ নিশা ঊষানগৰৰ ভাড়াঘৰত হত্যা কৰা যুৱতীগৰাকীৰ নিথৰ দেহ ১৪ এপ্ৰিলত উদ্ধাৰ কৰা হৈছিল।

ঘটনা সন্দৰ্ভত মৃত মনীষাৰ পৰিয়ালে দেৱাশীষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মনীষাৰ আন এজন সহকৰ্মী তথা মনীষাৰ ভাড়াঘৰতদেৱাশীষে প্ৰৱেশ কৰাৰ সময়ত তাতে থকা ৰিচাৰ্ড দলেক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই দেবাশীষ হত্যাকাণ্ডৰে জড়িত থকাটো নিশ্চিত হয়।

উল্লেখ্য যে আজি দিনত দুই অভিযুক্ত ৰিচাৰ্ড আৰু দেৱাশীষক তেজপুৰস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়োকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ১৩ এপ্ৰিলৰ নিশাৰ পৰা পলাতক অৱস্থাত থকা দেৱাশীষক কালি শোণিতপুৰ আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আজি প্ৰকাশ কৰি আৰক্ষীয়ে জনোৱা অনুসৰি দেৱাশীষক অসমৰ সীমাৰ ভিতৰতে কৰায়ত্ত কৰা হয়।

যোৱা নিশা তেজপুৰ সদৰ আৰক্ষী থানালৈ অনা হয় দেবাশীষক; কিন্তু এই পর্যন্ত ঘটনা সন্দৰ্ভত দেৱাশীষে কোনো কথাই প্ৰকাশ কৰা নাই বুলি সদৰী কৰি আৰক্ষীৰ এক শীর্ষ সূত্রই লগতে কয় যে মূল অভিযুক্ত দেৱাশীষক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু শীঘ্ৰে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

আনহাতে, মৃত মনীষাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিবলৈ আৰু দুদিনমান সময় লাগিব বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্রই। উল্লেখ্য যে জঘন্য হত্যাকাণ্ডটোৰ তদন্তকাৰী আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰো ব্যৱস্থা কৰিছে। আজি আদালতত হাজিৰ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থকা মূল অভিযুক্ত দেৱাশীষৰ ভাৱভংগীত কোনো ধৰণৰ অনুসূচনাৰ ছাপ দেখা নগ’ল ।

আনকি কালিৰে পৰা আৰক্ষীৰ জেৰাতো কোনো কথাই প্ৰকাশ নকৰা দেৱাশীষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়োৱা নাই। এনে অৱস্থাত আৰক্ষীয়ে দুই অভিযুক্তক পাঁচদিনৰ বাবে জিম্মাত লাভ কৰাত এই সময়ৰ ভিতৰত হত্যাকাণ্ডটোৰ সবিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ পাছতেই আনজন অভিযুক্ত বিচাৰ্ডে তেওঁৰ স’তে মনীষাৰ সম্পৰ্ক গঢ়ি উঠা আৰু দেৱাশীষে ৰিচাৰ্ডকো ঘটনাৰ নিশা আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছিল আৰু দেৱাশীষৰ স’তে মনীষাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে সদৰী কৰিছিল।

Exit mobile version