Sumimoni Kalia : বিজেপিত কলংক ঢকাৰ আপ্রাণ চেষ্টা হাউলীৰ বিজেপি নেত্ৰীৰ জীয়ৰী-ভগ্নীক উদ্ধাৰৰ ব্যাপক তৎপৰতা

23ebbf93 2ac9 41d6 9093 e68aa9ad8898

Sumimoni Kalia :

তথাকথিত দলীয় ক্ষমতাবে উম্মাদ হৈ অপকৰ্মৰ ফলত কাৰাৰুদ্ধ হোৱা বিজেপিৰ হাউলীৰকর্মী চুমিমণি কলিতাৰ কাণ্ডক যিকোনো প্ৰকাৰে থাপি-থুপি থ’বলৈ অহৰহ তৎপৰ হৈছে দলৰ একাংশ নেতা-কর্মী। সেই কাৰণে ডিঙিত বিজেপিৰ দলীয় মাফলাৰ লৈ ৰাজহুৱা মঞ্চত ঘূৰি ফুৰাৰ পাছতো চুমিমণিৰ দলটোৰ লগত কোনো সম্পর্ক নাই বুলি প্ৰতিপন্ন কৰাৰ চেষ্টাও চলিছে।

হাউলী পৌৰসভাৰ পৌৰপতি অঞ্জলি দাস চৌধুৰীৰ জীয়ৰী তথা বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিপা কলিতাৰ ভগ্নী চুমিমণিয়ে দীৰ্ঘদিনৰ পৰা নানা বেআইনী কাৰ্যত লিপ্ত হৈ আহিছে। ৰাজনৈতিক ক্ষমতাৰে সংঘটিত কৰি অহা চুমিমণিৰ বিৰুদ্ধে মাটি দখল, ব্লেকমেইলিং আদিৰো অভিযোগ আছে। শেহতীয়াকৈ এজন আৰক্ষী অধীক্ষকক সহযোগীৰে মিলি অপদস্থ কৰাৰ অভিযোগত জালত পৰা চুমিমণিক উদ্ধাৰ কৰিবলৈ বিজেপিৰ একাংশ নেতা উঠিপৰি লাগিছে।

জীয়ৰীক উদ্ধাৰৰ বাবে গোচৰটো ৰুজু হোৱা হাতীগাঁও আৰক্ষী থানাত মাতৃ নিজেই উপস্থিত হয়। দিছপুৰৰ কে’বাজনো মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগত চুমিমণি কলিতাৰ ঘনিষ্ঠ সম্পর্ক আছে। সেই সম্পৰ্কৰ প্রভাৱেৰেও মাতৃ আৰু বায়েক নিপা কলিতাই চুমিমণিক উদ্ধাৰৰ সৰ্বোচ্চ চেষ্টা অব্যাহত ৰাখিছে৷

উল্লেখযোগ্য যে,দুৰ্নীতি নিবাৰকৰ ভুৱা পৰিচয়ৰে গ্ৰেপ্তাৰ হৈছিল হাউলীৰ পৌৰপতিৰ জীয়ৰী চুমিমণি কলিতা৷অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি ভুৱা পৰিচয় দি মহানগৰীৰ বাসিন্দা এজন আৰক্ষী বিষয়াৰ বাসগৃহত প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ’ল শাসকীয় বিজেপি নেত্রীসহ তিনিজন।

এই কাৰ্যত এগৰাকী কিশোৰী আৰু আন এজন লোকো জড়িত আছিল যদিও তেওঁলোকক আৰক্ষীয়ে এই পর্যন্ত গ্ৰেপ্তাৰ কৰা নাই। কিশোৰীগৰাকীক সংশোধনী গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে লোকজনকআৰক্ষীয়ে নজৰত ৰাখিছে। কাৰণ এই চক্ৰটোৱে ব্যৱহাৰ কৰা বাহনখনৰ চালক আছিল উজ্জ্বল বিকাশ কলিতা নামৰ সংশ্লিষ্ট লোকজন।

হাতীগাঁও আৰক্ষী থানাৰ অধীনৰ এটা ফ্লেটত যোৱা ১৪ এপ্ৰিলৰ নিশা এই ঘটনা সংঘটিত হয়। আৰক্ষী বিষয়াজনৰ ঘৰত সেইদিনা নিশা কিশোৰীগৰাকীসহ বিজেপি নেত্ৰীগৰাকীৰ লগতে দুজন যুৱকে প্ৰৱেশ কৰি নিজকে দুর্নীতি নিবাৰক শাখাৰ দল বুলি পৰিচয় দি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে।

আৰক্ষী বিষয়াজনে কিছুমান প্ৰশ্ন উত্তৰ দিব নোৱাৰাতপৰিয়ালৰ লোককো অশ্লীল গালি-গালাজ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ আৰক্ষী বিষয়াজনে হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰাকেইজন হ’ল চুমিমণি কলিতা, জুৰিমণি দাস, ভাৰ্গৱ মালাকৰ, ৰাহুল পাটগিৰি আৰু উজ্জ্বল বিকাশ কলিতা। আৰক্ষীয়ে তদন্ত চলাই ইয়াৰে চুমিমণি, ভাৰ্গব আৰু ৰাহুলক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত চুমিমণিয়ে নিজকে শাসক দলৰ মানুহ, বিজেপিৰ জ্যেষ্ঠ নেত্ৰী আদি দাবীৰে প্ৰভাৱিত কৰাৰ চেষ্টা চলায়। উল্লেখ্য যে চুমিমণি বিজেপিৰ এগৰাকী সদস্যা। আনহাতে, তেওঁৰ মাতৃ হাউলী পৌৰসভাৰ পৌরপতি অঞ্জলি দাস কলিতা। আনহাতে, বায়েক নিপা কলিতা হ’ল বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক।

ঘটনাক লৈ হাতীগাঁও আৰক্ষী থানাত ৩৯৫/৫১১/৪৪৭/৪১৯ / ২৯৪ /৫০৬ ধাৰাত ১৪৭ / ২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। উত্থাপিত অভিযোগ অনুসৰি, চুমিমণি কলিতাৰ দিছপুৰৰ কেবাজনো মন্ত্ৰী আৰু শাসক দলৰ নেতাৰ লগত ঘনিষ্ঠ সম্পর্ক আছে।

সেই সম্পৰ্কৰ প্ৰভাৱ দেখুৱাই চুমিমণি বিভিন্ন অপৰাধমূলক কার্যকলাপত পূৰ্বৰে পৰা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এইবাৰ স্বয়ং আৰক্ষী বিষয়াৰ ঘৰত আৰক্ষীৰে ভুৱা পৰিচয়ৰে সংঘটিত কৰা কাণ্ডৰ ফলত অৱশেষত জালত পৰে।

Exit mobile version