Britain: ব্ৰিটেইনত একেৰাহে সপ্তম মাহলৈ ১০ শতাংশৰ ঊৰ্ধ্বত মূল্যবৃদ্ধিৰ হাৰ

WhatsApp Image 2023 04 20 at 1.47.30 PM

Britain:

খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ ফলত ব্ৰিটেইনত যোৱা মাৰ্চত মূল্যবৃদ্ধিৰ হাৰ একেৰাহে সাতমাহৰ বাবে ১০ শতাংশৰ ঊৰ্ধ্বত আছিল।

বিগত ৪৫ বছৰৰ পাছত ব্রিটেইনত সম্প্রতি খাদ্য সামগ্ৰীৰ সৰ্বাধিক মূল্যবৃদ্ধি হৈছে। মুদ্রাস্ফীতি অত্যধিক হোৱাৰ ফলত ব্রিটেইনবাসীৰ বাবে জীৱন যাপন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে।

ফলত চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে ধর্মঘটত অংশ লৈছে।ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে আজি প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ফেব্ৰুৱাৰীত দেশখনত খাদ্য সামগ্ৰীৰ মূল্য ১৯.২ শতাংশ বৃদ্ধি পাইছিল।

সামগ্ৰিকভাৱে মাৰ্চত দেশখনৰ উপভোক্তা মূল্য আধাৰিত মুদ্রাস্ফীতি ইয়াৰ পূৰ্বৰ মাহৰ তুলনাত সামান্য হ্রাস পাই ১০.১ শতাংশ হৈছিল।

পেট্ৰ’ল আৰু ডিজেলৰ সামান্য মূল্য হ্ৰাসৰ ফলত মাৰ্চত ব্ৰিটেইনত পূৰ্বৰ তুলনাত মূল্যবৃদ্ধি কিছু হ্রাস পালে।

Exit mobile version