Indian Climber Found Alive In Nepal Mountain: নেপালৰ অন্নপূৰ্ণা পৰ্বতত নিৰুদ্দেশ ভাৰতীয় পৰ্বতাৰোহী, জীৱিত অৱস্থাত উদ্ধাৰ

WhatsApp Image 2023 04 20 at 1.06.37 PM

Indian Climber Found Alive In Nepal Mountain:

যোৱা সপ্তাহত নেপালৰ মাউণ্ট অন্নপূৰ্ণা পৰ্বতৰ পৰা নামি যাওঁতে নিৰুদ্দেশ হোৱা ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

তেওঁৰ ভাতৃ সুধিৰে কয় যে, “তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, কিন্তু তেওঁ এতিয়াও জীয়াই আছে।”

অনুৰাগ মালুৱে যোৱা সপ্তাহত মাউণ্ট অন্নপূৰ্ণা বগাবলৈ ৰাওনা হৈছিল; কিন্তু ১৭ এপ্ৰিলত নামি অহাৰ সময়ত ৬ হাজাৰ মিটাৰ উচ্চতাত থকাৰ সময়তে তললৈ পৰি যায়।

মালুৱে ৮ হাজাৰ মিটাৰৰ ওপৰৰ ১৪টা শৃংগ আৰু সাতখন মহাদেশৰ সাতটা সৰ্বোচ্চ বিন্দু বগাই সজাগতা সৃষ্টি আৰু ৰাষ্ট্ৰসংঘৰ গ্ল’বেল গ’লছত উপনীত হোৱাৰ অভিযানত নামিছে।

তেওঁ REX কৰম- বীৰ চক্ৰৰে সন্মানিত হোৱাৰ লগতে ভাৰতৰ পৰা ২০৪১ এন্টাৰ্কটিকা যুৱ ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হৈছে।

Exit mobile version