National Quantum Mission : ৰাষ্ট্ৰীয় কোৱান্টাম মিছন জানক সবিশেষ

cdde44b8 5e95 4e60 bbbd 8f35a4fa76ad

National Quantum Mission :

১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কম্পিউটাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ ‘ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন’ত অনুমোদন জনায়। কেবিনেটত গৃহীত ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ প্ৰস্তাৱ ।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২০২৩-২৪ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষৰ বাবে মুঠ ৬০০৩.৬৫ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনলৈ যাৱতীয় অনুমোদন আগবঢ়ায়।

কি এই মিছন:

এই অভিযানৰ লক্ষ্য হৈছে কোৱাণ্টাম প্ৰযুক্তিৰ (QT) ক্ষেত্ৰত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা আৰু বিকাশ ত্বৰান্বিত কৰা আৰু ইয়াৰ সৈতে সম্পৰ্কিত এক জীৱন্ত আৰু সৃজনশীল পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰা।

এই অভিযানে কোৱাণ্টাম প্ৰযুক্তিৰ ওপৰত আধাৰিত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে দেশত এক অনুকূল পৰিস্থিতিতন্ত্ৰ বিকশিত কৰিব। কেৱল সেয়াই নহয়, ই কোৱাণ্টাম প্ৰযুক্তি আৰু প্ৰয়োগৰ বিকাশৰ ক্ষেত্ৰত ভাৰতক এখন আগশাৰীৰ দেশ হিচাপেও গঢ়ি তুলিব।

এই নতুন অভিযানটোৱে অনাগত আঠ বছৰত ৫০-১০০০ ভৌতিক কুবিট ক্ষমতাৰ সৈতে এক মধ্যৱৰ্তী-স্তৰৰ কোৱাণ্টাম কম্পিউটাৰ বিকশিত কৰাৰ পৰিকল্পনা হাতত লৈছে, ইয়াৰ ভিতৰত থাকিব চুপাৰকণ্ডাক্টিং আৰু ফটোনিক প্ৰযুক্তিৰ দৰে বিভিন্ন প্লেটফৰ্ম।

ভাৰতৰ ভিতৰত ২,০০০ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গ্ৰাউণ্ড ষ্টেচনৰ মাজত উপগ্ৰহভিত্তিক সুৰক্ষিত কোৱাণ্টাম যোগাযোগ, আন দেশৰ সৈতে দীৰ্ঘ দূৰত্বৰ কোৱাণ্টাম যোগাযোগ সুৰক্ষিত কৰা, ২০০০ কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধৰ ভিতৰত মহানগৰৰ ভিতৰত ‘কোৱাণ্টাম কী’ বিতৰণ আৰু লগতে কোৱাণ্টাম মেম’ৰিৰে সজ্জিত মাল্টি-নোড কোৱাণ্টাম নেটৱৰ্ক হ’ব অভিযানটোৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশ।

উল্লেখ্য যে এই অভিযানে সঠিক সময়, যোগাযোগ আৰু নেভিগেশ্বনৰ বাবে পাৰমাণৱিক প্ৰণালী আৰু পাৰমাণৱিক ঘড়ীত উচ্চ সংবেদনশীলতাৰে সজ্জিত মেগনেটোমিটাৰ নিৰ্মাণ কৰি উলিওৱাত সহায় কৰিব। ই কোৱাণ্টাম সঁজুলি নিৰ্মাণৰ বাবে কোৱাণ্টাম সামগ্ৰী যেনে চুপাৰকণ্ডাক্টৰ, নভেল অৰ্ধপৰিবাহী গাঁথনি (Novel Semiconductor Structures) আৰু ট’প’লজিকেল সামগ্ৰী আদিৰ ডিজাইন আৰু সংশ্লেষণত সহায় কৰিব।

ইয়াৰ অধীনত, কোৱাণ্টাম যোগাযোগ, সংবেদন (Sensing ) আৰু বতৰ বিজ্ঞানৰ প্ৰয়োগৰ বাবে একক ফ’টন উৎস/ডিটেক্টৰ আৰু আৱদ্ধ ফ’টন (Entangled Photon) উৎসও বিকশিত কৰা হ’ব।

কোৱাণ্টাম কম্পিউটিং, কোৱাণ্টাম কমিউনিকেচন, কোৱাণ্টাম চেঞ্চিং আৰু মেট্ৰ’লজী আৰু কোৱাণ্টাম সামগ্ৰী আৰু ডিভাইচৰ ক্ষেত্ৰত চাৰিটা বিষয়ভিত্তিক কেন্দ্ৰ (টি-হাব) শীৰ্ষ শৈক্ষিক আৰু ৰাষ্ট্ৰীয় আৰ এণ্ড ডি প্ৰতিষ্ঠানত স্থাপন কৰা হ’ব।

এই কেন্দ্ৰসমূহে মৌলিক আৰু প্ৰয়োগযোগ্য গৱেষণাৰ জৰিয়তে নতুন জ্ঞান সৃষ্টিৰ ওপৰত গুৰুত্ব দিব আৰু লগতে যিবোৰ ক্ষেত্ৰত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হ’ব সেইবোৰত গৱেষণা আৰু বিকাশৰ প্ৰচাৰ কৰিব।

ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনে (NQM) দেশৰ প্ৰযুক্তিৰ বিকাশ সম্পৰ্কীয় পৰিৱেশতন্ত্ৰক বিশ্বব্যাপী প্ৰতিযোগিতামূলক স্তৰলৈ লৈ যাব পাৰিব। এই অভিযানে যোগাযোগ, স্বাস্থ্য, বিত্তীয় আৰু শক্তি খণ্ডৰ লগতে ঔষধ আৰু মহাকাশ বিষয়ক প্ৰয়োগৰ নিৰ্মাণত যথেষ্ট লাভদায়ক বিবেচিত হ’ব।

ই ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ষ্টেণ্ড-আপ ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ দৰে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহক ব্যাপকভাৱে প্ৰচাৰ কৰিব।

এই মিছনৰ বাবে চৰকাৰে ২০২৩-২৪ বৰ্ষৰ ৰাপৰা ২০৩০-৩১ বৰ্ষলৈ ৬০০৩.৬৫ কোটি টকাৰ বাজেট ঘোষণা কৰিছে। এই কোৱান্টাম পদ্ধতিৰ দ্বাৰা সামান্য কম্পিউটাৰৰ পৰা ডাটা বা তথ্য কম সময়তে প্ৰচেছ কৰিব পৰা যাব।

যোগাযোগ, স্বাস্থ্য, ফাৰ্মা, বিত্তীয় খণ্ড, শক্তি, প্ৰতিৰক্ষা আৰু ডাটা সুৰক্ষা বিষয়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। এয়া বৰ্তমান পৃথিৱীৰ কেৱল কেইখনমান দেশতে ব্যৱহাৰ কৰা হয়। কেবিনেটৰ সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু অনুৰাগ ঠাকুৰে এই সন্দৰ্ভত সৱিশেষ জনায়।

Exit mobile version