New York : বিশ্বৰ সবাতোকৈ ধনাঢ্য চহৰ নিউ য়ৰ্ক : ঘৰে ঘৰে আছে কোটিপতি

download 4

New York :

বিশ্বৰ সবাতোকৈ ধনী চহৰৰ স্বীকৃতি লাভ কৰিলে আমেৰিকাৰ নিউ য়র্কে। আমেৰিকাৰ এইখন চহৰত আছে বিশ্বৰ ভিতৰতে সর্বাধিকসংখ্যক ধনাঢ্য লোক।

বিত্ত বিষয়ক সংস্থা হেনলি এণ্ড পার্টনাৰ্ছে চলোৱা এক সমীক্ষাৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, নিউ য়ৰ্ক চহৰত বসবাস কৰা নিযুতপতিৰ সংখ্যা হৈছে তিনি লাখ ৪০ হেজাৰ।

এই কাৰণতে নিউ য়ৰ্ক হৈছে বিশ্বৰ সর্বাধিকসংখ্যক ধনাঢ্য ব্যক্তিৰ বাসভূমি। ধনাঢ্যৰ চহৰৰ তালিকাত দ্বিতীয় স্থানত আছে জাপানৰ টকিঅ’, তৃতীয় স্থানত আমেৰিকাৰ ছান ফ্রান্সিছকো চহৰ আছে।

টকিঅ’ত ২,৯০,৩০০ জন আৰু ছান ফ্রান্সিছকোত ২,৮৫,০০০ জন নিযুতপতিয়ে বসবাস কৰে। এই তালিকাত চতুৰ্থস্থান লাভ কৰিলে লণ্ডনে।

আনহাতে, পঞ্চম স্থান দখলৰে এছিয়াৰ মুখ উজ্জ্বল কৰিলে ছিংগাপুৰে। তালিকাৰ শীৰ্ষ ২০ স্থানত অন্তৰ্ভুক্ত নহ’ল ভাৰতৰ এখনো চহৰ।

২১ সংখ্যক স্থানত আছে বাণিজ্য নগৰী মুম্বাই। তদুপৰি তালিকাত আছে দিল্লী আৰু বাংগালুৰু। আমেৰিকাৰ দ্য বে এৰিয়া, লছ এঞ্জেলছ আৰু চিকাগো চহৰো এই তালিকাত আছে।

তালিকাত চীনৰ দুখন চহৰ বেইজিং আৰু ছাংহায়ে স্থান লাভ কৰিছে। বিশ্বৰ ৯৭ ধনাঢ্য চহৰক লৈ এই সমীক্ষা চলোৱা হৈছিল।

Exit mobile version