Ankita Dutta Suspended:অংকিতা দত্তক কংগ্ৰেছৰ পৰা নিলম্বন !

ভূপেন বৰাৰ ঘোষনা এই পৰ্যন্ত অংকিতাক কৰা হোৱা নাই নিলম্বন

WhatsApp Image 2023 04 21 at 4.07.51 PM 1

Ankita Dutta Suspended:

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ থকা অসম প্ৰদেশ যু্ৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক অৱশেষত দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে এপি চি চিয়ে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল অংকিতা দত্তলৈ ৷ কিন্তু ২৪ ঘন্টা অতিক্ৰম কৰাৰ পাছতো কোনো সুদত্তৰ নিদিয়াত আজি নিলম্বনৰ নিদৰ্শনা জাৰি কৰে প্ৰদেশ কংগ্ৰেছে ৷

স্মতৰ্ৱ্য যে, অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ৷

ইয়াৰ পূৰ্বে যুৱ কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে বুধবাৰে এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ স’তে এক বৈঠকত মিলিত হৈছে ৷প্ৰাপ্ত খবৰ অনুসৰি বৰাই এই বিষয়টো দলীয় মঞ্চত আলোচনা কৰাৰ লগতে বিষয়টো ইমানতে অন্ত পেলাবলৈ পৰামৰ্শ দিয়ে৷

কিন্ত পৰৱৰ্তী সময়ত শ্ৰীনিৱাসৰ বিৰুদ্ধে এজাহাৰ ৰজু কৰাৰ পাচতে ক্ষুন্ন হৈ পৰে ভূপেন বৰা,দেৱব্ৰত শইকীয়া,কমলেক্ষ দে পুৰুকায়স্থ আৰু দ্বীজেন শৰ্মা সহ একাধিক কংগ্ৰেছী জ্যেষ্ঠ নেতাই নেত্ৰীগৰাকীলৈ বৃহস্পতিবাৰে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল।

আনহাতে শেহতীয়া খবৰ অনুসৰি অংকিতা দত্তৰ নিলম্বনৰ বিষয়ে একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি নাকচ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ কয়,এপি চিচিয়ে এতিয়ালৈকে দলৰ পৰা নিলম্বন কৰা নাই ৷

একেদৰে এপি চিচিৰ জ্যেষ্ঠ মুখপাত্ৰ ববিতা শৰ্মাও নিলম্বন সন্দৰ্ভত স্পষ্টীকৰণ দি কয় এই মুহূৰ্তলৈকে নিলম্বন কৰা নাই অংকিতাক ৷

ইপেনে ৰাজিৱ ভৱনৰ এক সূত্ৰৰ পৰা পোৱা খবৰ মতে অংকিতা দত্তলৈ এ পি চি চি য়ে জাৰি কৰা কাৰণ দৰ্শোৱা জাননী সম্পৰ্কত ইতিমধ্যে এপি চিচিলৈ উত্তৰ প্ৰেৰণ কৰাৰ পাছত তাৰ প্ৰতিলিপি এ পি চি চি য়ে এ আই চি চিলৈ প্ৰেৰণ কৰিছে ৷

মনকৰিবলগীয়া যে,অংকিতা দত্তক নিলম্বন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল এপি চি চিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই

পুৰুকায়স্থৰ এই বক্তব্য এপি চি চিৰ নহয় বুলি স্পষ্টীকৰণ দিয়ে এপি চি চিৰ সভাপতি ভূপেন বৰাই ৷ পুৰুকায়স্থৰ এই স্থিতিক লৈ অসন্তুষ্ট ভূপেন বৰা সহ কেইবাজনো জ্যেষ্ঠ নেতা ৷

আনপিনে পুনৰ নিজৰ স্থিতিৰ কথা পুনৰ দোহাৰিলে অংকিতা দত্তই ৷ তেওঁ কয়,মই নিজৰ সন্মানৰ বাবে এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছো ৷ কংগ্ৰেছৰ বিৰুদ্ধে নহয় ৷ দলৰ পৰা বহিস্কৃত কৰা হ’ব নেকি সাংবাদিককে সোধা প্ৰশ্নোত্তৰত দত্তৰ স্পষ্ট মত,দলে মোক বৰ্খাস্ত কৰে- নকৰে সেইয়া দলৰ কথা ৷ কিন্ত মই এগৰাকী নাৰী হিচাপে মোৰ মান সন্মানৰ বাবে যুঁজিছো ৷

Exit mobile version