APCC:কোন দিশে প্ৰদেশ কংগ্ৰেছ !

কোনেও নুশুনে কাৰো কথা ! দলীয় খামখেয়ালিত দিশহাৰা কংগ্ৰেছ

WhatsApp Image 2023 04 21 at 3.08.33 PM

APCC:
বেমেজালিত একপ্ৰকাৰ অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রদেশ কংগ্ৰেছত। দলত বিশ্বাস-অবিশ্বাস, সন্দেহৰ পৰিৱেশ ইমানে গভীৰ হৈছে যে স্বয়ং সভাপতিয়ে অসহায়তা প্রকাশ কৰিবলৈ বাধ্য হৈছে। যি সময়ত শাসক দলৰ উপৰি অন্যান্য বিৰোধী দলেও আহি থকা নিৰ্বাচনৰ বাবে নিজক সাজু কৰাৰ বাবে তৎপৰ হৈছে সেই সময়ত আভ্যন্তৰীণ বেমেজালিয়ে দিশহাৰা কৰিছে প্ৰদেশ কংগ্রেছক।

সেয়েহে নির্বাচনী প্রস্তুতি চলোৱাতো বাধাৰ সৃষ্টি হৈছে। দলৰ একাংশ নেতাৰ ক্ষমতা লিপ্সা, শাসক দলৰে মিলি নিজৰ দলক বিশ্বাসঘাতকতা, নেতৃত্বৰ প্ৰতি অনাস্থা আদিৰ ফলতে এনে অৱস্থাৰ সৃষ্টি হোৱা বুলি দলৰ শীৰ্ষ সূত্ৰই “দৈনিক অগ্ৰদূতৰ আগত মন্তব্য কৰে।

আনকি সভাপতি ভূপেন বৰাই মন্তব্য কৰিবলৈ বাধ্য হৈছে যে দলটোৰ কিছুমান মানুহে জ্ঞাতে অথবা অজ্ঞাতে কংগ্ৰেছক নিশকটীয়া কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। অর্থাৎ দলটোৰ একাংশ নেতাই যে নামত কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰি আহিছে সেয়া স্পষ্ট।

এই প্ৰসংগত সূত্ৰটোৱে মন্তব্য কৰে যে প্ৰদেশ কংগ্ৰেছক শৃংখলিত কৰি শক্তিশালীকৰণত ৰাষ্ট্ৰীয় নেতৃত্বৰো যথোচিত গুৰুত্ব নাই । সূত্ৰটোৱে কয়, ‘তেওঁলোকে কেৱল ওপৰৰ পৰা কিছুমান নিৰ্দেশ দি থাকে। অসমলৈ আহিলেও কেৱল ক’ব লাগে বাবেহে কিছুমান উপদেশবাণী দি গুচি যায়।

দলটোৰ মজিয়াত প্ৰকৃততে কি হৈছে, তাক অনুধাৱন কৰাৰ কোনো চেষ্টা নকৰে। অনুশাসনহীনতা ইমানে বৃদ্ধি হৈছে যে ভাল হওক, বেয়া হওক প্রদেশ কংগ্ৰেছৰ সভাপতিৰ কথাও শুনিবলৈ কোনো দাযৱদ্ধ নহয়। সেই কাৰণে সভাপতিয়ে আনুষ্ঠানিকভাৱে দিয়া নির্দেশো পালন কৰা নহয়। ফলত দলৰ ক্ষতি কৰা একেবোৰ কাণ্ড বাৰে বাৰে ঘটি আহিছে।

‘ সভাপতিৰ কথা নুশুনা বিষয়টোতে ভূপেন বৰাই ‘দৈনিক অগ্রদূত’ক কয়, ‘মই চক্ৰবেহুত সোমাই পৰিছো। কাৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ম? কোনে ক’ত দলৰ ক্ষতি কৰি আছে ঠিকনা নোহোৱা হৈছে। কিছুমান মানুহক চিনাক্ত কৰিছো। প্ৰমাণ নোহোৱাৰ বাবেহে ব্যৱস্থা ল’ব পৰা নাই। দলৰ ক্ষতি নকৰিবলৈ কোৱাৰ পাছতো, সভাপতি হিচাপে নিৰ্দেশ দিয়াৰ পাছতো কিছুমানে সেই কথা পালন নকৰে।”

সভাপতি বৰাৰ বক্তব্যতে এই কথাও স্পষ্ট হয় যে প্রদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ মাজতো আছে বিশ্বাসঘাতক‘ বিধায়ক। বৰাই কয় যে দলৰ সাম্প্রতিক বিষয়বোৰ আলোচনাৰ বাবে কালি বিধায়িনী দলৰ এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল। অতি গোপনীয় সভাখনৰ তথ্য কিছু সময়ৰ পাছতে ৰাজহুৱা হয়। বিধায়কৰ বাদে সভাখনৰ তথ্য কোনেও প্রকাশ কৰিব নোৱাৰে বুলি বৰাই উল্লেখ কৰে।

ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্রক্রিয়া, ৰাজ্যসভাৰ নিৰ্বাচনতো কংগ্ৰেছৰ একাংশ বিধায়কে দলক বিশ্বাসঘাতক কৰা বুলি অভিযোগ উঠিছিল। পৰৱৰ্তী সময়ত দলৰ অনুসন্ধানত অভিযোগৰ সত্যতাও স্পষ্ট হয়। বিশ্বাসঘাতক বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দলীয় নেতৃত্বই হুংকাৰ দিছিল; অথচ সেই হুংকাৰ বাস্তৱত গালো বালো খোলাকটিৰ তালত পৰিণত হয়।

একমাত্র উপযুক্ত প্ৰমাণৰ অভাৱতে দৃঢ় সন্দেহ কৰা বিধায়কৰ বিৰুদ্ধে দলীয় নীতি অনুসৰি ব্যৱস্থা গ্ৰহণ সম্ভৱ নহ’ল। এই প্ৰসংগত সূত্ৰটোৱে কয়, ‘বিভিন্ন তথ্যৰ ভিত্তিত আমি বিশ্বাসঘাতক বিধায়কক চিনাক্ত কৰিছো; কিন্তু তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাকৈ আমাৰ হাতত প্ৰমাণ নাই।

এই দুৰ্বলতাৰ সুযোগ সংশ্লিষ্টসকলে বাৰে বাৰে লৈছে। সেইসকল বিধায়কে কংগ্ৰেছত থাকি কংগ্ৰেছ বিৰোধী দলৰ হৈ কাম কৰি আহিছে। পোনপটীয়াকৈ ক’বলৈ গ’লে কংগ্ৰেছৰ বিধায়ক হৈও তেওঁলোক বিজেপিৰ এজেন্টৰ কাম কৰি আছে। সেই কাৰণে কংগ্ৰেছৰ দলীয় গোপন বৈঠকৰ তথ্যও বিজেপিয়ে লাভ কৰে। এনে পৰিস্থিতিক লৈ অসহায়তা প্ৰকাশ কৰাটো সভাপতি বৰাৰ বক্তব্যতে স্পষ্ট হৈছে।

ইপিনে, ৰাজ্যিক শীৰ্ষ স্তৰত সৃষ্টি হোৱা এনে খামখেয়ালিৰ প্ৰভাৱ দলৰ তৃণমূলৰ ওপৰতো পৰিছে। সূত্ৰটোৱে কয় যে বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ সাধাৰণ লোকৰ মাজত কংগ্ৰেছৰ প্ৰতি আকর্ষণ লাহে লাহে বৃদ্ধি হৈছে। তদুপৰি দলৰ তৃণমূলৰ কৰ্মীৰ মাজতো এক ধৰণৰ উৎসাহ বাঢ়িছে।

বিশেষকৈ ভাৰত জোড়ো কাৰ্যসূচীৰ পাছত এনে পৰিৱৰ্তন দললৈ আহিবলৈ ধৰিছিল; কিন্তু তাৰ মাজতে শীর্ষ পর্যায়ত ইমানে খামখেয়ালি বৃদ্ধি হয় যে তাৰ প্ৰভাৱ তৃণমূললৈও বিয়পি যায়। তেনে খামখেয়ালি বন্ধ কৰাৰ তৎপৰতা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ মাজত গঢ়ি নুঠিল। ফলস্বৰূপে দলৰ সংগঠনত মাধমাৰ পৰিবলৈ ধৰে।

তদুপৰি শীর্ষ নেতাৰ দলবিৰোধী কাৰ্যৰ ইটোৰ পাছত সিটো তথ্য ওলাবলৈ ধৰাটো সংগঠনত পুনৰ মাধমাৰ পৰিবলৈ আৰম্ভ কৰে। সভাপতি ভূপেন বৰাই এই প্রসংগতে অসহায় মন্তব্য কৰিছে— ‘দোষী কোন চিনি পাওঁ, অথচ ব্যৱস্থা ল’ব নোৱাৰো।’

Exit mobile version