Lakhimpur : অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ চুক্তিৰ এদিন পাছতে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন : অসমৰ বন বিষয়া-কৰ্মীলৈ গুলী

53f1a7404d4b705bb61ffe4b5a59ec72

Lakhimpur :

 

নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃৰ্ত্তই অসমৰ বন বিষয়া-কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলী চালনা কৰা ঘটনাই আজি লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বন খণ্ডত এনে ঘটনা সংঘটিত হয়৷ অৰুণাচলী দুবৃৰ্ত্তই ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়া বনমালী নৰহৰ লগতে মুঠ চাৰিজন বনকৰ্মীলৈ লক্ষ্য কৰি গুলী চালনা কৰে যদিও দৈৱক্ৰমে দলটো কোনো মতে ৰক্ষা পৰে৷

খণ্ড বনবিষয়া জনে আজি সদৰী কৰা মতে  দুপৰীয়া ৰামপুৰ বন খণ্ডৰ অন্তৰ্গত তথা ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগে পূৰ্বে ৰোপণ কৰা এখন পুলি বাগানত বন নিৰনি কৰিবলৈ অসমৰ কেবাজনো শ্ৰমিকক নিয়োগ কৰাৰ সময়ত দুজন অৰুণাচলী লোকে তেওঁলোকৰ ফটো তুলি নিয়ে৷

ৰামপুৰ বন খণ্ডৰ দলটোৱে আগুৱাই গৈ আনএটা দৃশ্য প্ৰত্যক্ষ কৰে৷ প্ৰায় ৫০-৬০ জনীয়া অৰুণাচলী দল এটাই হাতে হাতে মাৰণাস্ত্ৰ লৈ যুদ্ধংদেহী মনোভাৱেৰে অৱস্থান লোৱাৰ লগতে অসমৰ ৩০ হেক্টৰ ভূমিত ৰোপণ কৰা এখন পুলি বাগান কাটি তহিলং কৰি কাঁটাতাঁৰৰ বেৰা ধবংস কৰে৷

ৰামপুৰ বনখণ্ডৰ দলটোক দেখা পাই অৰুণাচলী দুবৃৰ্ত্তই তেওঁলোকলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰাত অসমৰ দলটোৱে কোনোমতে প্ৰাণ লৈ আঁতৰি আহিবলৈ সক্ষম হয়৷ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দলটোৱে অত্যাধুনিক মেচিন লৈ গছ-গছনি কাটি তহিলং কৰে।

Exit mobile version