Assamese Flim : কল্পবিজ্ঞানৰ কাহিনীৰে চর্চিত ছবি ‘আদ্ভিত্য’

assamese film

Assamese Flim :


কল্পবিজ্ঞানৰ কাহিনীৰে ভাৰতবর্ষৰ বিভিন্ন ভাষাৰ লগতে হলিউডতো ছবি নির্মিত হৈ আহিছে আৰু ইয়াৰে প্রায়সংখ্যক ছবিয়ে দর্শকে আকোঁৱালি লৈছে ।

এইবাৰ তেনে এক ব্যতিক্রমধর্মী বিষয়বস্তুৰ আধাৰত শেহতীয়াকৈ মুক্তিলাভ কৰে এখন পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি ‘আদ্ভিত্য’ ।উল্লেখ্য যে, ছবিখনৰ নাম প্রকাশৰ দিনাখনৰ পৰাই চলচ্চিত্রপ্রেমীৰ মাজত বিশেষ চর্চা লাভ কৰা দেখা যায় ।

কিয়নো অসমীয়া ভাষাত এনে ধৰণৰ বিষয়ববস্তুৰ আধাৰত ছবি বহুত কমেইহে নির্মাণ হয় । লক্ষণীয়ভাৱে ছবিখনৰ ট্রেইলাৰটি দর্শকৰ মাজত মুকলি কৰি দিয়াৰ পাছৰে পৰাই ছবিখনৰ লগত জঢ়িত সকলো লোকৰ উৎসাহ দুগুণে বৃদ্ধি পায় ।

ছবিখনে যোৱা সাত এপ্রিলত অসমৰ চিত্রগৃহত মুক্তিলাভ কৰে ।ছবিখন পৰিচালনা কৰিছে নতুন প্রজন্মৰ প্রতিভাৱান পৰিচালক অৰিন্দম শর্মাই, আনহাতে ‘কৃষ্ণা ক্রাফ্ট প্রডাকচন্ছ প্রাইভেট লিমিটেড’ৰ বেনাৰত প্রযোজনা কৰিছে ব্রজেন্দ্র নাথ শর্মাই ।

সাধাৰণতে কল্পবিজ্ঞানৰ কাহিনীৰে নির্মিত ছবিৰ এক শক্তিশালী দিশ হৈছে ‘ভি এফ এক্স’ ।ছবিখনৰ মূল চৰিত্রকেইটিত দুর্দান্ত অভিনয়ৰ প্রদর্শন দাঙি ধৰিছে সৰু-পর্দাৰ জনপ্রিয় অভিনেতা অর্ণৱ আয়ান, নৱাগতা অভিনেত্রী নিহা ৰাণী দাস আৰু প্রাঞ্জল শইকীয়াই ।

অন্যান্য গুৰুত্বপূর্ণ চৰিত্রসমূহত অভিনয় কৰিছে মানৱেন্দ্র শর্মা, সুৰজিৎ শর্মা, বলীন শর্মা, অতনু কাশ্যপ, গীতিকা নন্দা, বিকাশ বৰা, বিষ্ণুপ্রিয়া কাকতি, নীলোৎপল বৰা, কুন্তল কাশ্যপ, আলোক বৰুৱা, দিগন্ত বৰুৱা, সংগীতা বৰুৱা আদিয়ে ।

ছবিখনৰ দৃশ্যগ্রহণ কৰিছে অৰিন্দম শর্মাই, কৈলাস দুৱৰা আৰু নাছিৰুল হুছেইনে, সংগীত অংকুৰ শর্মা আৰু দীপু শর্মাৰ, গীতৰ কথা-সুৰ অংকুৰ শর্মাৰ, আনহাতে গীতকেইটি গাইছে দীক্ষু শর্মা আৰু সঞ্চিতা শর্মাই ।

প্রযোজকে জানিবলৈ দিয়া মতে, দর্শকৰ ব্যাপক সহাঁৰিৰ প্রতি লক্ষ্য ৰাখি প্রজেক্টৰৰ সহায়ত অসমৰ চুকে-কোণে ছবিখন প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে ।অসমৰ প্রথম ছুপাৰহিৰো ছবি ‘আদ্ভিত্য’ নিশ্চিতভাৱে অসমীয়া চলচ্চিত্রজগতত নতুনত্বৰ বাটকটীয়া ।

Exit mobile version