Dhubri Fire : ধুবুৰীৰ সোনাখুলী গাওঁত ভয়ংকৰ অগ্নিকাণ্ড

Dhubri Fire :

ধুবুৰীৰ সোনাখুলী গাওঁত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। আনছাৰ আলী নামৰ এজন লোকৰ কাপোৰৰ দোকান ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নিকাণ্ডৰ ফলত কাপোৰৰ দোকান ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে তিনি/ চাৰি লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় ।

নিশা এটা মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড । ঘটনাৰ খবৰ পাই হালাকুৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক ।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।

Exit mobile version