Heavy Storm In Assam: ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ, চাৰিজনৰ মৃত্যু

তিনিচুকীয়াত গছ বাগৰি গাত পৰাত থিতাতে নিহত দুজন, আজি তিনিচুকীয়া জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা, বিধ্বস্ত বাসগৃহ ৰাজহুৱা অনুষ্ঠান ,বিদ্যুৎ যোগান ক্ষতিগ্রস্ত

WhatsApp Image 2023 04 24 at 12.57.03 PM

Heavy Storm In Assam:

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ সংহাৰী ৰূপ যোৱানিশাও বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। ব’হাগৰ প্ৰচণ্ড ধুমুহা শিল-বৰষুণৰ তাণ্ডৱ অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ কে’বাটাও স্থানক এনে ধুমুহাই কোবাই যায়। ইয়াৰ ফলত কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰ খেতিপথাৰৰো বিস্তৰ ক্ষতিসাধন হয়।

অসম ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত তিনিচুকীয়াত দুজনকে ধৰি ৰাজ্যত কমেও চাৰিজন লোকৰ মৃত্যু হয়। আনহাতে,কে’বাজনো লোক আহত হয়। তিনিচুকীয়াত নিহত লোক দুজন হ’ল তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ ৰাইদাং চাহ বাগিচাৰ বিজয় মানকি (৫৭) আৰু ডুমডুমা ৰাজহ চক্ৰৰ অধীনৰ বৰডুবি বাগিচাৰ দেৱকুমাৰ ঠাকুৰ (২৬)।

এজন সতীৰ্থৰ স’তে মটৰ চাইকেলেৰে ডুমডুমাৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে বাদলাবেটা চাহ বাগিচাত গছ বাগৰি গাৰ ওপৰত পৰাত ঠাকুৰৰ মৃত্যু হয়। আনহাতে, বিজয় মানকিৰ নিজৰ ঘৰৰ চৌহদতে গছ পৰি মৃত্যু হয়। আনহাতে, কলিয়াবৰৰ বামুণী ভাটাবাৰীত গা ধুই থকা অৱস্থাতে বজ্ৰ পৰি নুৰ মহম্মদ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ বাতৰি আহিছে।

বাসগৃহৰ সমীপতে থকা গা ধোৱা ঘৰত গাই ধুই থকা অৱস্থাত বজ্ৰ পৰাত লোকজন গুৰুতৰভাৱে আহত হয়। পৰিয়ালৰ লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আকৌ, আজি ধেমাজি জিলাৰ জোনাই মহকুমাৰ গালিঘাটৰ মুমুৰি চাপৰিৰ মুনমুনি নৈত ধুমুহাই এখন নাও উটুৱাই নিয়াত মিনতি মুণ্ডা নামৰ এগৰাকী মহিলাৰ পানীত পৰি মৃত্যু হয়। মৃতদেহটো এছ ডি আৰএফ একে উদ্ধাৰ কৰে।

ইপিনে, হোজাইৰ ডবকা পথাৰ গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী আহত হয়। প্ৰাধিকৰণৰ তথ্য অনুসৰি তিনিচুকীয়া আৰু হোজাইৰ উপৰি হাইলাকান্দি, গোৱালপাৰা, কাছাৰ, ধুবুৰী আৰু বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত ধুমুহাই যোৱা ২৪ ঘণ্টাত বিস্তৰ ক্ষতিসাধন কৰে।

জিলাকেইখনৰ ১৪৪ খন গাঁৱৰ ৪১,৪১০ জন লোক এই ধুমুহাৰ কবলত পৰে। এই পর্যন্ত লাভ কৰা তথ্য অনুসৰি, ধুমুহাৰ ফলত ২০৫টা কেঁচা ঘৰ আৰু তিনিটা পকী ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হয়। আনহাতে, আংশিকভাৱে ক্ষতিগ্রস্ত কেঁচা ঘৰৰ সংখ্যা হ’ল ৬৩৩টা আৰু পকী ঘৰৰ সংখ্যা হ’ল ৪২ টা। মানুহৰ ঘৰৰ উপৰি ধুমুহাত চৰকাৰী কার্যালয়, হোষ্টেল আদিও ক্ষতিগ্রস্ত হয়।

মানুহৰ উপৰি কে’বাখনো জিলাত বহু জীৱ-জন্তুৰো প্ৰাণহানি হয়। ধুমুহাৰ প্ৰকোপত জিলাকেইখনৰ বেছিভাগতে বিদ্যুৎ যোগান ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাত বিদ্যুতৰ যোগানো বন্ধ হৈ পৰিছে অথবা স্বাভাবিক যোগান সম্ভৱ হোৱা নাই। ধুমুহাৰ উপৰি বজ্ৰ পৰিও কোনো কোনো স্থানত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে। ধুমুহা-বৰষুণৰ প্ৰকোপত যোৰহাট-মাজুলীৰ মাজত চলাচল কৰা ফেৰী সেৱাও আজি দীর্ঘসময় স্তব্ধ হৈ পৰে।

আনহাতে তিনিচুকীয়া জিলা প্ৰশাসনে আজি তিনিচুকীয়াৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে ৷ শনিবাৰ আৰু দেওবাৰে বিয়লী আৰু নিশা তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত প্ৰৱল বৰষুণ আৰু শিলাবৃষ্টি হয়। ইয়াৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ তথ্য জিলা প্ৰশাসনে লাভ কৰিছে। এনে প্রাকৃতিক দুৰ্যোগৰ সময়ত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ জিলাখনৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

ইপিনে, ডিব্ৰুগড়বো বিস্তৃর্ণ অঞ্চলক যোৱা নিশা আৰু আজি বিয়লি অহা ধুমুহা আৰু শিল-বৰষুণে কোবাই যায়। ইয়াৰ ফলত জিলাখনৰ প্ৰধানকৈ গ্ৰামাঞ্চলৰ লোকৰ যথেষ্ট ক্ষয়-ক্ষতি হয়।

ইপিনে, ধেমাজি জিলাতো ধুমুহা আৰু প্ৰৱল বৰষুণৰ তাণ্ডৱ অব্যাহত আছে। আজি বিয়লি অহা প্ৰচণ্ড ধুমুহাত জিলাখনৰ জোনাই, চিলাপথাৰ, বৰদলনি আৰু ধেমাজিত বিস্তৰ ক্ষতিসাধন হয়। বহু ঘৰৰ ধুমুহাত ক্ষতিগ্রস্ত হয়। ঠায়ে ঠায়ে গছ আৰু বিদ্যুতৰ খুটা উভালি পৰে। জিলাখনৰ অধিকাংশ অঞ্চলতে এই ধুমুহাৰ পাছৰ পৰা বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে।

আনহাতে দেওবাৰে নিশা অহা প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত তিনিচুকীয়াৰ বিভিন্ন ঠাইত বহু লোকৰ আলাই-আথানি নোহোৱা হয়। ধুমুহাই ঘৰৰ চাল বেৰ উৰুৱাই নিয়ে। শিল পৰিও ঘৰৰ চাল সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হয়। গছ বাগৰি বহু লোকৰ ঘৰৰ ওপৰত পৰাটো বিস্তৰ ক্ষতিসাধন হয়।

জিলাখনৰ বিশেষকৈ বৰহাপজান, গংগাবাৰী, মাকুম, বৰগুৰি, হিজুগুৰি, বজাই তুলি, লাইপুলি আদি অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। ৰঙালী বিহুৰ কাৰ্যসূচীও প্রাকৃতিক দুৰ্যোগত বন্ধ হৈ পৰে। ধুমুহাৰ ফলত গছ বাগৰি পৰাত বহু পথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। বিদ্যুতৰ বহু খুটা উভালি পৰাৰ লগতে তাঁৰো ছিগি যায়।

ইয়াৰ ফলত জিলাখনৰ বৃহৎ অঞ্চলত বিদ্যুৎ যোগান সম্পূর্ণ ব্যাহত হৈছে। আজি জিলা উপায়ুক্ত স্বপ্নীল পালৰ নেতৃত্বত জিলা প্ৰশাসনৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় । জিলাখনৰ পৰিস্থিতিক লৈ আজি আয়োজিত এখন সংবাদমেলত উপায়ুক্ত পালে সদৰী কৰে যে ৰাইজৰ সুবিধার্থে তথা ধুমুহাত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিবলৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। নম্বৰ দুটা হ’ল ১৩৬৫১-১৮৫০৩ আৰু ৯৩৯৪৫-৮৫৬২২।

জিলা প্ৰশাসনৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টাপলিনকে ধৰি কে’বাবিধো সামগ্ৰী আজি বিতৰণ কৰা হয়। উপায়ুক্তই এনে প্রাকৃতিক দুৰ্যোগৰ সময়ছোৱাত হাৰ্ডৱেৰৰ ব্যৱসায়ীসকলক টিনপাত আৰু ঘৰ নিৰ্মাণ তথা মেৰামতিত ব্যৱহাৰ হোৱা অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনায়।

Exit mobile version