Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

প্রাঞ্জলসেন ডেকা

publisher by publisher
April 24, 2023
in Opinion
Reading Time: 4 mins read
0
Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
2
SHARES
15
VIEWS
ShareShareShareShare

Opinion :

গণতন্ত্র সফল হ’বলৈ হ’লে অংশীদাৰ প্ৰতিটো বিভাগেই নিজ নিজ দায়িত্ব আৰু কৰ্তব্য পালনত সচেতন হ’ব লাগিব। কোনো এক নিৰ্দিষ্ট বিভাগৰ ওপৰত সকলো দায়িত্ব জাপি দি সফল গণতন্ত্ৰৰ আশা কৰিব নোৱাৰি। এই কথা ঠিক যে জনগণৰ দ্বাৰা নির্বাচিত চৰকাৰৰ ওপৰতে সর্বাধিক দায়িত্ব আহি পৰে; কিন্তু চৰকাৰৰ সঠিক দিশত পৰিচালনা অব্যাহত ৰাখিবলৈ হ’লে ইয়াৰ অন্যান্য অংশীদাৰসমূহো সমানে সজাগ আৰু সক্ৰিয় হ’ব লাগিব।

ADVERTISEMENT

সেই বাবেই গণতন্ত্ৰত শাসক পক্ষৰ সমানেই বিৰোধীৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে চৰকাৰ ব্যৰ্থ হ’লে যদি জবাবদিহি হ’বলগীয়া হয়, তেন্তে নিজৰ দায়বদ্ধতাৰ পৰা বিৰোধী সাৰি যাব কেনেকৈ? সম্প্ৰতি ৰাজ্যত বিৰোধী দল, ঘাইকৈ কংগ্ৰেছৰ স্থিতিলৈ লক্ষ্য কৰিয়ে এই প্রশ্নৰ অৱতাৰণা কৰিব লগা হৈছে। তৰুণ গগৈৰ নেতৃত্বত একেৰাহে ১৫ বছৰ ৰাজ্যৰ শাসন ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়ছোৱাত গঢ় লৈ উঠা নেতিবাচক দিশসমূহৰ ফলস্বৰূপে কংগ্ৰেছৰ ভিতৰচ’ৰা ক’ব নোৱাৰাকৈয়ে ফোঁপোলা হৈ পৰিছিল।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

নৰেন্দ্ৰ মোদী-অমিত শ্বাহ যুটীৰ নেতৃত্বত বিজেপিয়ে আৰম্ভ কৰা আগ্রাসী অভিযানত সেয়ে কংগ্ৰেছে থাউনি হেৰুৱাই পেলায়। তেতিয়াৰে পৰাই কংগ্ৰেছৰ অধোগতি অব্যাহত আছে। এনে বিপর্যয় ৰোধ কৰি দলক শক্তিশালীভাৱে আগুৱাই নিয়াৰ কাৰ্যকৰী কোনো প্রচেষ্টা কংগ্ৰেছে আজি পর্যন্ত গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল। সেই বাবেই দিন যোৱাৰ লগে লগে কংগ্ৰেছ অধিক দুৰ্বল আৰু বিশৃংখল হৈ পৰিছে।

পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে প্রদেশ কংগ্ৰেছৰ স্বয়ং সভাপতিয়েই অসহায়ভাৱে ক’বলৈ বাধ্য হৈছে যে তেওঁ চক্ৰবেহুত সোমাই পৰিছে। দিশহাৰা হৈ পৰা দলক যে কোনো মতেই শৃংখলিত কৰিবলৈ সক্ষম হোৱা নাই, সেয়া তেওঁ নিজেই স্বীকাৰ কৰিছে। অৱশ্যে ব্যর্থতা স্বীকাৰ কৰি নিজে দলৰ ভিতৰচ’ৰাৰ স্বৰূপ উদঙাই দিয়াৰ পাছত তেওঁ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ নৈতিক দায়িত্বও এই প্ৰসংগতে বিচার্য।

দৰাচলতে ১৫ বছৰীয়া শাসন কালত কংগ্ৰেছে বিৰোধীৰ পৰা বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। এফালে ক্রমক্ষয়মান অগপ আৰু আনফালে ব্যাপক প্ৰচেষ্টাৰ পাছতো ব্রহ্মপুত্র উপত্যকাত চালুকীয়া অৱস্থাতে থকা বিজেপিয়ে গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ সন্মুখত কোনো ভাবুকিৰ সৃষ্টি কৰিব পৰা নাছিল।

২০০৬ৰ নিৰ্বাচনৰ পূৰ্বে ভুমুকি মৰা এআইইউডিএফেহে সেইবাৰৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত কংগ্ৰেছক আঘাত হানিবলৈ সক্ষম হৈছিল; কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপিএফে কংগ্ৰেছক সমর্থন দি দিছপুৰত ক্ষমতাৰ অংশীদাৰ হৈ চৰকাৰক নিষ্কণ্টক কৰি ৰাখিছিল।

বিৰোধী পক্ষৰ বহু বিধায়কে এই সময়ছোৱাত কংগ্ৰেছত যোগদানৰ বাবে উদ্বাউল হৈ থকাৰ বিষয়ে সততে সংবাদ মাধ্যমত প্রকাশ পাইছিল। আনকি কংগ্ৰেছৰ দপ্‌দপনিত বিজেপি আৰু এআইইউডিএফৰ বিধায়কে দলীয় হুইপ অমান্য কৰি ৰাজ্যসভাৰ নিৰ্বাচনত মুকলিকৈয়ে শাসক দলৰ প্ৰাৰ্থীক ভোটদান কৰি কাললৈ কুখ্যাতি ৰাখি গৈছিল।

সমগ্ৰ ৰাজনৈতিক পৰিৱেশত এনে এক ধাৰণাই গঢ় লৈ উঠিছিল যেন ৰাজ্যত বিৰোধী দলসমূহৰ কোনো ভৱিষ্যৎ নাই। এনে পৰিৱেশত কংগ্ৰেছ নেতৃত্ব আৰু নিম্ন পর্যায়ৰ নেতা-কর্মীসকলেও অত্যধিক আত্মবিশ্বাসৰ ঢৌত গা এৰি দি ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে বিভিন্ন দুর্নীতি-অনিয়মত লিপ্ত হৈছিল। সিয়ে সাধাৰণ জনতাৰ মনত ক্ষোভ-অসন্তুষ্টিৰ জন্ম দিছিল যদিও উপযুক্ত বিকল্পৰ অভাৱত নীৰৱে থাকিবলৈ বাধ্য হৈছিল।

তাকেই কংগ্ৰেছে তেওঁলোকৰ প্ৰতি জনতাৰ সমর্থন তথা দুর্বলতা বুলি ভুলকৈ ভাবি লৈছিল, যাৰ পৰিণাম আজি দলে পদে পদে ভুগিবলগীয়া হৈছে। মোদীৰ নেতৃত্বত দেশজুৰি বিজেপিৰ সপক্ষে সৃষ্টি হোৱা ঢৌৱে সেইবাবেই কংগ্ৰেছক উটুৱাই নিয়ে। কালিলৈকে তেনে নিশকতীয়া হৈ থকা বিজেপিয়ে হঠাতে এক শক্তিশালী বিকল্পৰূপে আত্মপ্রকাশ কৰে। ঘাইকৈ কংগ্ৰেছ আৰু অন্যান্য দলৰো অগণন প্ৰভাৱশালী নেতা আৰু বিধায়ক আদিয়ে যোগদান কৰে।

১৫ বছৰীয়া শাসনৰ গপত উফন্দি থকা কংগ্ৰেছক সেই ঢৌৱে ছিন্ন-ভিন্ন কৰি পেলালে। তাৰ লগে লগে পূৰ্বৰ ছবিখনেই আকৌ দৃষ্টিগোচৰ হ’ল; অৱশ্যে দল আৰু নেতাসকলৰ নাম এইবাৰ পৃথক৷ ২০১৪ৰ পৰা কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ যি দৌৰ আৰম্ভ হ’ল, সেয়া আজি প্রায় ১০ বছৰ পাছতো স্তব্ধ হোৱাৰ লক্ষণ পৰিস্ফুট হোৱা নাই।

কংগ্ৰেছৰ এনে বহু বিধায়ক আছে, যিসকলে ওপৰ মহলৰ সেউজ সংকেত লাভ কৰিলে আজিয়েই বিজেপিলৈ জাঁপ মাৰিবলৈ সাজু। এই সময়ছোৱাতে আন কেতবোৰ অভূতপূর্ব কার্যকলাপে ৰাজনৈতিক নেতাৰ আনুগত্যক লৈও গভীৰ প্ৰশ্নৰ উদ্রেক ঘটাইছে৷ বিগত বেছ কিছু সময় ধৰি চৰ্চিত হৈ আহিছে যে কংগ্ৰেছৰ প্ৰতিটো সিদ্ধান্ত তথা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্রী আগতীয়াকৈ অৱগত হয়; অর্থাৎ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা-বিধায়ক আদিয়েই দলৰ ভিতৰুৱা আৰু গোপন সকলো তথ্য মুখ্যমন্ত্ৰীক নিয়মীয়াকৈ অৱগত কৰি আহিছে।

লক্ষ্যণীয়ভাৱে সেই কথা মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মুকলিকৈ সদৰী কৰিছে যদিও তাক ৰোধ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। শেহতীয়াভাৱে সভাপতি প্ৰমুখ্যে প্রদেশ কংগ্ৰেছৰ নেতৃত্বয়ো এই কথা স্বীকাৰ কৰিছে যে দলৰে নেতাই সকলো কথা মুখ্যমন্ত্ৰীক গোপনে অৱগত কৰি আহিছে। আনকি এনে কার্যত জড়িতসকলক চিনাক্ত কৰা হৈছে বুলিও প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছে যদিও দুর্বোধ্য কাৰণত সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে।

দৰাচলতে কাক নো বুলিবা ককা, সকলোৰে দাড়ি-চুলি পকাৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছত। দলৰ গোপন খবৰ কোনে উলিয়াই দিছে, তাৰ হিচাপ লোৱাতকৈ কোনে নিদিয়াকৈ আছে, তাৰহে তালিকা অধিক জৰুৰী আৰু প্ৰাসংগিক হৈ পৰিছে। এনে কাৰণতে যে বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠা নাই, সেই কথা বুজাজনে ঠিকেই বুজিছে।

এনেদৰে লুকা-ভাকু খেলি থকাতকৈ কংগ্ৰেছ বিধায়ক আৰু নেতাসকলে সমূহীয়াভাৱে বিজেপিত যোগদান কৰা উচিত বুলিয়েই সচেতন মহলে ভাবে। তেতিয়া দলবিৰোধী আইন ভংগ অথবা উপ-নির্বাচনত প্রতিদ্বন্দ্বিতাৰো প্ৰয়োজন নাথাকিব। বৰ্তমানৰ দৰে ছায়া ৰাজনীতিৰ পৰা বৰঞ্চ তেওঁলোকেও সকাহ পাব!

এনেদৰেই কংগ্ৰেছ দিনে দিনে বিশৃংখলাৰ গৰাহত পতিত হৈ দিশহাৰা হৈ পৰিছে। এনে গহ্বৰৰ পৰা দলক উদ্ধাৰ কৰিবলৈ উপযুক্ত নেতৃত্বৰ অভাৱ। ৰাজ্যখনক ছুই যোৱা কোনো এটা বিষয়তে এই সময়ছোৱাত কংগ্ৰেছে ৰাইজৰ পক্ষত দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই; বৰঞ্চ বহু ক্ষেত্ৰত দলৰ স্থিতিত পৰস্পৰ বিৰোধিতাহে স্পষ্ট হৈছে।

দলীয় নেতাসকলৰ ভাষ্যও একেবোৰ বিষয়ত পৃথক হোৱাৰ ফলস্বৰূপে ৰাইজৰ মাজত বিশ্বাসযোগ্যতা হ্রাস পাইছে। আনকি
বিধানসভাৰ অধিবেশন চলি থকাৰ সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ একাধিক বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাৰ দৰে গুৰুতৰ বিষয়তো কংগ্ৰেছৰ দুৰ্বল ভূমিকাই সকলোকে হতাশ কৰিছে।

জ্বলন্ত বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্যবাসীক সংগঠিত কৰাৰ ক্ষেত্ৰত যে মূল বিৰোধী দলৰূপে কংগ্ৰেছ শোচনীয়ভাৱে ব্যৰ্থ হৈছে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন। এনে ক্ষেত্ৰত চৰকাৰ যদি জবাবদিহি হ’বলগীয়া হয়, বিৰোধীৰ দায়িত্ব পালনত ব্যৰ্থতাৰ দায়িত্ব কংগ্ৰেছে স্বীকাৰ কৰি লোৱাটো বাঞ্ছনীয় নহয়নে?

কংগ্ৰেছৰ এনে বিপর্যয় কেৱল অসমতে নহয়। বিজেপিৰ আগ্রাসী অভিযানত দেশজুৰি কংগ্ৰেছ এনে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যে ইয়াৰ ভৱিষ্যতক লৈয়ে প্রশ্নচিহ্ন আহি পৰিছে। অলপতে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা এগৰাকীৰ স’তে বাৰ্তালাপৰ সময়ত সুধিলো— দেশৰ নিৰ্বাচনী পৰিৱেশ কেনে দেখিছে? লগে লগে তেওঁ উত্তৰ দিলে— সন্মুখত কোনো নাই, গতিকে আমি আছো।

দেশৰ সাম্প্ৰতিক ৰাজনৈতিক স্থিতিৰ বিষয়ে আভাস পাবলৈ এই বাক্যশাৰীয়েই যথেষ্ট বুলি ভাবো। ২০২৪ৰ সাধাৰণ নিৰ্বাচন চমু চাপি আহিছে যদিও এই পর্যন্ত বিৰোধীয়ে নৰেন্দ্ৰ মোদী অথবা বিজেপিৰ সন্মুখত উপযুক্ত বিকল্প দাঙি ধৰিবলৈ সক্ষম হোৱা নাই।

সমগ্ৰ দেশতে কম-বেছি পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰা কংগ্ৰেছৰ কোনো স্পষ্ট নীতি এই পর্যন্ত পৰিলক্ষিত হোৱা নাই। ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যদিও তাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দল আশা কৰা ধৰণে সফল হোৱা নাই।

আদানী কেলেংকাৰিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন স্বাৰ্থজড়িত কার্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ ৰাহুল গান্ধীয়ে নিজস্ব এক দৃঢ় স্থিতি দাঙি ধৰিছে যদিও সেইবোৰে সামগ্ৰিকভাৱে কংগ্ৰেছক ৰাজনৈতিকভাৱে কিমানদূৰ উপকৃত কৰে, সেয়া লক্ষ্যণীয় হ’ব; কিয়নো বিভিন্ন বিষয়ক লৈ দেশবাসীৰ মাজত ক্ষোভ-অসন্তুষ্টি থাকিলেও সেইবোৰক সংগঠিত কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দল সফল হোৱা নাই।

বিৰোধীক ঐক্যবদ্ধ কৰাৰ তথাকথিত অভিযানো এইবাৰ বিহাৰৰ মুখ্যমন্ত্রী তথা জেডি (ইউ) ৰ নেতা নীতিশ কুমাৰেহে আৰম্ভ কৰিছে। কেন্দ্রীয় নেতৃত্বতে সোলোক-ঢোলোক হৈ পৰা কংগ্ৰেছে যে ৰাজ্যসমূহৰ দলীয় নেতৃত্বক উপযুক্ত পৰামৰ্শ দিয়াতো ব্যর্থ হৈছে সেয়াও এতিয়া আৰু লুকাই থকা নাই।

কংগ্ৰেছ অথবা বিজেপিৰ দৰে হাইকমাণ্ড নিৰ্ভৰ দলে সততে কেন্দ্রীয় নেতৃত্বৰ দিক নির্দেশনালৈ অপেক্ষা কৰি থাকে। দলত সৃষ্টি হোৱা ক্ষোভ-অসন্তুষ্টি অথবা বিশৃংখলা আঁতৰ কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় নেতৃত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে; কিন্তু সম্প্রতি কংগ্ৰেছত এনে প্ৰক্ৰিয়া তেনেই শিথিল হৈ পৰিছে। ফলস্বৰূপে প্ৰদেশ নেতৃত্ব অধিক দিশহাৰা হৈ পৰিছে।

শাসক দলৰ উপযুক্ত বিকল্পৰূপে ৰাজ্যবাসীৰ সন্মুখত নিজকে দাঙি ধৰিবলৈ হ’লে কংগ্ৰেছৰ এক সুনির্দিষ্ট ভিজন লাগিব। অসম আৰু অসমবাসীৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব, তাৰ ৰূপৰেখা দাঙি ধৰিব পাৰিব লাগিব।

তাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বই ৰাজীৱ ভৱনত বহি থাকোতেই ৰাইজে আদৰি নি তেওঁলোকক দিছপুৰৰ শাসনভাৰ গতাই দিয়াৰ আশাত বন্দী হৈ থকা যেনহে ধাৰণা হয়। অকল সেয়ে নহয়, কংগ্ৰেছ নেতাসকলেই বিভিন্ন লবীত বিভক্ত হৈ সংগঠনৰ ভেটি দুর্বল কৰি তুলিছে।

যিকোনো ৰাজনৈতিক দলত একাধিক লবী থকাটো এক স্বাভাৱিক প্রক্রিয়া যদিও অসমৰ কংগ্ৰেছত এতিয়া প্ৰতিজন নেতাৰে একোটাকৈ লবী সক্ৰিয় হৈছে৷ ফলস্বৰূপে এনে বিপৰ্যয়ৰ সময়তো কোনেও কাৰো নির্দেশ অনুসৰণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰা হৈছে।

তাৰ বিপৰীতে শাসক পক্ষৰ স’তে গোপন বুজাবুজিৰে ব্যক্তিগত স্বার্থ সিদ্ধিৰ বাবেহে উঠি-পৰি লাগিছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু কিমান দিন তিষ্ঠি থাকিব অথবা সঁচাকৈয়ে থাকিব নে— সেয়াই আজিৰ গুৰুত্বপূৰ্ণ প্রশ্ন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootOpinionপ্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?
Opinion

Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d