PMAY : বিলাসীপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীৰ দুৰৱস্থা

PMAY :

বিলাসীপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীৰ মাজত হাহাকাৰ । ধন লাভ কৰিও ঘৰ বনাব পৰা নাই হিতাধিকাৰীয়ে।

আঁচনিৰ ধন পাইও চৰকাৰী গৃহ নিৰ্মাণ কৰিবলৈ গৈ বিপাঙত হিতাধিকাৰী ।গৃহ নিৰ্মাণৰ সা সামগ্ৰীৰ লগতে ইটাৰ আকাশলংঘী মূল্যবৃদ্ধিত দিশহাৰা হিতাধিকাৰী ।

কিয়নো আৱাস যোজনা আঁচনি গ্ৰাম্যৰ বাবে চৰকাৰে আৱন্টন দিছে এক লাখ ৩২ হেজাৰ টকা । কিন্তু এই আৱন্টিত ধনেৰে ইটাৰ লগতে অন্য, সা সামগ্ৰী কিনোতেই হাহাকাৰ অৱস্থাত পৰিছে হিতাধিকাৰীয়ে।

গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ঋণ ল’বলৈ বাধ্য হৈছে এই আঁচনিৰ হিতাধিকাৰীয়ে ।এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষনীয় ।

Exit mobile version