Agniveer : ভাৰতীয় সেনাত অগ্নিবীৰ নিয়োগৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থাটোত আকৰ্ষিত উত্তৰ-পূবৰ মহিলা প্ৰাৰ্থী

army women 1200

Agniveer :

ভাৰতীয় সেনাত অগ্নিবীৰ নিয়োগৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থাটোত উত্তৰ-পূব অঞ্চলত বৃহৎ সংখ্যক প্ৰাৰ্থী দেখা গৈছে পোৱা গৈছে , যাৰ ভিতৰত এইবাৰ মহিলা প্ৰাৰ্থীৰ এক বৃহৎ সংখ্যাও আছে ।

ভাৰতীয় সেনাই এইবাৰ অগ্নিবীৰৰ নিযুক্তিৰ প্ৰক্ৰিয়া সলনি কৰিছে আৰু প্ৰথম পদক্ষেপ হিচাপে কম্পিউটাৰ আধাৰিত অনলাইন প্ৰৱেশ পৰীক্ষা (চিইই) আৰম্ভ কৰিছে ।

গুৱাহাটীৰ সেনা পিআৰঅ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, “প্ৰথম পৰ্যায় হিচাপে অনলাইন প্ৰৱেশ পৰীক্ষাৰ নতুন নিযুক্তি প্ৰক্ৰিয়াই অসম আৰু অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিছে।

মহিলা প্ৰাৰ্থীসহ বহু সংখ্যক যুৱকে এই বছৰ অগ্নিবীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।”

তথ্য অনুসৰি উত্তৰ-পূবত, ১৪ খন চহৰৰ ২৬ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে – অৰুণাচল প্ৰদেশৰ নাহৰলাগুন; অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু জ্যোতিৰ; মণিপুৰৰ ইম্ফল, উখৰুল আৰু চুৰাচান্দপুৰ; মেঘালয়ৰ শ্বিলং; মিজোৰামত আইজল; নাগালেণ্ডত ডিমাপুৰ আৰু কোহিমা; আৰু ত্ৰিপুৰাৰ আগৰতলা।

Exit mobile version