Dibrugarh : ডিব্ৰুগড়ৰৰ কাৰাগাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি : জেলৰ কাষত পাৰ্কিং বন্ধ!

Dibrugarh 3col

Dibrugarh :

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই ৯১ চনত পলায়ন কৰিছিল পাঁচ গৰাকীকৈ শীৰ্ষ আলফা নেতা! উল্লেখযোগ্য যে, বিগত আলফাৰ ভৰপক সময়ত এই কাৰাগাৰত বহু শীৰ্ষ আলফা কাৰাৰুদ্ধ হৈ থকাৰ সময়তে ১৯৯১ চনৰ ২৬ জুনৰ পুৱতি নিশা পাঁচ গৰাকীকৈ শীৰ্ষ আলফাই ৱাল বগাই পলায়ন কৰিছিল।

বৰ্তমানে উক্ত কাৰাগাৰতে ৰখা হৈছে উগ্ৰ খালিস্তানী সমৰ্থকৰ মুৰব্বী অমৃতপল সিঙক। সোমবাৰে অমৃতপল সিঙক কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে ৩৭ নং ৰাষ্টীয় ঘাইপথৰ সলনি মোহনবাৰী-মাইজান পথৰে এটা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলৰ সহায়ত এস্কৰ্ট প্ৰদানৰে ১১ খন গাড়ীৰ এক বিশাল কনভয়ৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা পাছতে অধিক বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

আনহাতেদি পঞ্জাৱ আৰু দিল্লীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপল সিঙৰ একাংশ সমৰ্থক ব্যক্তিয়ে হয়তো ডিব্ৰুগড়লৈ আহি কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি খালিস্তানী নেতাগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব পাৰে।

এনে ধৰণৰ তথ্যৰ পাছতে ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰতো সকলো ধৰণৰ আইন-শৃংখলাৰ পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

তথ্য অনুসৰি, অহা ২৭এপ্ৰিলত (বৃহস্পতিবাৰে) দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হ’ব পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া আইনী পৰামৰ্শদাতা এটা দল।

ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত অধিবক্তা ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিদ্ধু আৰু ৰোহিত শৰ্মাৰে গঠিত দলটোৱে ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক সাক্ষাৎ কৰিছিল।

বৃহস্পতিবাৰে কেইজনমান ৱাৰিছ পঞ্জাৱ দে সদস্যৰ পৰিয়ালৰ সদস্যও ডিব্ৰুগড়ত উপস্থিত হৈ বন্দীসকলক সাক্ষাৎ কৰাৰ কথা,যদিও এতিয়ালৈ সেয়া স্পষ্ট হোৱা নাই।

বৰ্তমানলৈ কেৱল কাৰাবন্দী,খালিস্তানী সমৰ্থক তথা পঞ্জাবী ছবি জগতৰ অভিনেতা,প্ৰযোজক,পৰিচালক দলজীত সিং কালছিৰ পত্নী আৰু পুত্ৰইহে তেওঁক লগ কৰিবলৈ ডিব্ৰুগড়লৈ আহিছে।

যোৱা ২০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত কালছীৰ পত্নী নৰিন্দৰ কৌৰ ওৰফে নীৰু কালসী আৰু পুত্ৰ ছিমৰজীত সিং ওৰফে ছানীয়ে সাক্ষাৎ কৰে।

অমৃতপল সিঙৰ উপৰিও তেওঁৰ ঘনিষ্ঠ সহযোগী দলজীত সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপাল সিঙৰ ককাক), ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে, বসন্ত সিং আৰু গুৰিন্দৰ সিংকে ধৰি ন জন ঘনিষ্ঠ সহযোগী আউজলাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি কৰা হৈছে।

ইফালে অমৃতপল সিঙক ডিব্ৰুগড় কাৰাগাৰৰ এক সুকীয়া কোঠাত ৰখা হৈছে।যিটো কোঠা তেওঁৰ সহায়কসকলৰ পৰাও বহু দূৰৈত বুলিও জানিব পৰা গৈছে।

তথ্য অনুসৰি অমৃতপল সিঙক তেওঁৰ কোঠাৰ ভিতৰত কেৱল জেলৰ কৰ্মচাৰীয়েহে খাদ্য যোগান ধৰি আহিছে।তেওঁৰ স্বাস্থ্যৰ ওপৰতো কাৰাগাৰৰ চিকিৎসকে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে।

ৱাৰিছ পঞ্জাব ডিৰ মুৰব্বী গৰাকীক ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (আৰ এ ডব্লিউ) আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ দৰে কেন্দ্ৰীয় সংস্থাই শ্ৰীঘেই কাৰাগাৰৰ ভিতৰত জেৰা কৰাৰ সম্ভাৱনা আছে।

তদুপৰি অমৃতপাল সিঙৰ স’তে ডিব্ৰুগড়লৈ অহা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলটো এই পৰ্যন্ত
পুনৰ পঞ্জাৱলৈ উভতি যোৱা নাই।বৰ্তমানে দলটো ডিব্ৰুগড় আৰ্ৱত ভৱনত বাহৰ পাতি থকাৰ লগতে কালি পঞ্জাৱৰ মোগাত গ্ৰেপ্তাৰ হোৱা অমৃতপল সিঙক জেৰা কৰিবলৈ আৰু কেইদিনমান থকাৰ সম্ভাৱনা আছে বুলিও সূত্ৰত প্ৰকাশ।

আনহাতে বিগত এমাহত ডিব্ৰুগড় কাৰাগাৰখন সৰ্বোচ্চ উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে।য’ত হাতত উদ্যত স্বয়ংক্ৰিয় মাৰানাস্ত্ৰ লৈ অসম আৰক্ষীৰ ব্লেক পেন্থাৰ কমাণ্ডো, চি আৰ পি এফৰ জোৱানৰ উপৰিও নিয়মীয়া কাৰাগাৰৰ প্ৰহৰীয়ে ২৪ ঘণ্টাই কাৰাগাৰত পহৰা দি আছে।

৬৯ টা চিচিটিভি কেমেৰাই কাৰাগাৰখনৰ কয়দী আৰু দৰ্শনাৰ্থীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ য’ত ৬৮০ জন কয়দী থাকিব পৰাৰ ব্যবস্থাৰ বিপৰীতে বৰ্তমানে কাৰাগাখনৰত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে।

Exit mobile version