Indonesia Earthquake : ৭.৩ মাত্ৰাৰ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়া

1677058245 earthquake

Indonesia Earthquake :

ভূমিকম্পই কঁপাই তুলিলে ইণ্ডোনেছিয়া । মঙলবাৰে ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ পশ্চিমে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় তিনি বজাত ভূমিকম্প অনুভূত হয়।

যাৰ বাবে সংশ্লিষ্ট বিভাগে প্ৰায় দুঘণ্টা ধৰি চুনামীৰ সতৰ্কবাণী জাৰি কৰে ।ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৩ আছিল।

স্থানীয় কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ পাছতে ততাতৈয়াকৈ ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহৰ বাসিন্দাসকলক উপকূলৰ পৰা স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।অৱশ্যে, পাছত এই নিৰ্দেশ প্ৰত্যাহাৰ কৰা হয়।

কৰ্তৃপক্ষই জনাই যে ভূমিকম্পৰ কেন্দ্ৰস্থল মাটিৰ পৰা প্ৰায় ৮৪ কিলোমিটাৰ গভীৰতাত আছিল। প্ৰথমবাৰ মাটি কঁপি উঠাৰ পাছত, সুমাত্ৰাৰ কাষৰ অঞ্চসমূহ আৰু কে’বাবাৰো কঁপি উঠে (আফটাৰশ্বক)। যাৰ ভিতৰত ৰিখটাৰ স্কেলত পাঁচ প্ৰাবল্যৰ ভূমিকম্পও লক্ষ্য কৰা যায় ।

ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ এজন মুখপাত্ৰ আব্দুল মুহৰিয়ে জনাইছে যে পশ্চিম সুমাত্ৰাৰ প্যাদাঙত ভূমিকম্পটো আটাইতকৈ শক্তিশালীভাৱে অনুভূত কৰা হয় ।

কৰ্তৃপক্ষই ইতিমধ্যে প্যাদাঙত লগতে সুমাত্ৰাৰ পশ্চিম উপকূলৰ দ্বীপসমূহত ভূমিকম্পৰ প্ৰভাৱ নিৰ্ধাৰণ কৰিবলৈ পদক্ষেপ লৈছে।

“ভূমিকম্প অনুভৱ হোৱাৰ লগে লগে বহুলোকে ঘৰ এৰি গৈছে । বহুতে আতংকিত হৈ পৰে । বহুলোকে ঘৰত প্ৰৱেশ কৰিবলৈও ভয় কৰে। অৱশ্যে, এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ ক্ষতিৰ খবৰ পোৱা হোৱা নাই। ”

Exit mobile version