Bhawanipur : অহা চাৰি আৰু ছয় মে’ত কলবাৰীৰ ৰামচৰণ ঠাকুৰ আতা সত্ৰত ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ

Bhawanipur :

ভৱানীপুৰৰ নিকটৱৰ্তী ঐতিহ্যমণ্ডিত কলবাৰী গাঁৱৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত অহা চাৰি,পাঁচ আৰু ছয় মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ আয়োজন কৰা হৈছে।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ’ৱলগীয়া পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ চাৰি মে’ত পুৱা ন বজাৰ পৰা অনুষ্ঠিত হ’ব স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰ চৌহদত পৰিবেশ নিকাকৰণ।

উদ্বোধন কৰিব বৰ্ষীয়াণ নাম ধৰ্মৰ একনিষ্ঠ সেৱক অমূল্য কলিতাই। সন্ধিয়া সাত বজাত সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যক্ৰমণিকাত মুখ্য বন্তি প্ৰজ্বলন কৰিব সত্ৰখনৰ জ্যোষ্ঠ পাঠক হৰিহৰ চন্দ্ৰ তালুকদাৰে।

সাত বাজি ৩০ মিনিটৰ পৰা অধিবাস অনুষ্ঠিত হ’ব।পাঁচ মে’ত পাঁচ বাজি ৩০ মিনিটৰ পৰা আয়তীয়ে প্ৰসংগ,ছয় বাজি ৩০ বজাৰ পৰা ভতবৃন্দই প্ৰসংগ কৰিব।

পুৱা সাত বাজি ৩০ মিনিটত বাৰ ঘণ্টীয়া অখণ্ড পালনাম স্থাপন কৰিব সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে।সাত বাজি ৩০ মিনিটত পালনামৰ সামৰণি পৰিব।

আঠ বাজি ৩০ মিনিটত বীৰ নাম সমাৰোহ উদ্বোধন কৰিব শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে।

ছয় মে’ৰ দিনৰ তিনি বজালৈকে অনুষ্ঠিত হ’ৱলগীয়া বীৰনাম সমাৰোহত বৰপেটাৰ বামনা সত্ৰৰ শ্ৰীশ্ৰী ৰাম আতা নাম দল,হৰিয়াপাৰা নৱমিলন থিয় নাম দল,হাউলী-মৈৰামাৰাৰ চতুৰ্ভূজ বীৰনাম দল,চমুৱাগাতিৰ নৱজ্যোতি মহিলা বীৰনাম দল, শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা মহিলা বীৰনাম দল,কলবাৰী বীৰনাম সত্ৰীয়া কলা কেন্দ্ৰ,কলবাৰী বীৰনাম সাংস্কৃতিক সংঘ আৰু কলবাৰী বীৰনাম এনজিঅ’ৱে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট সংস্কৃতি ‘বীৰনাম’ পৰিবেশন কৰিব।

Exit mobile version