Bhawanipur : চাউলীয়াবৰী আৰু শিঙিমাৰী গাওঁ পঞ্চায়তৰ নতুন ভৱন উদ্বোধন বিধায়ক ফনীধৰ তালুকদাৰৰ

1b92b682 5756 47e9 891e 2fdba1614a3c

Bhawanipur :

ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাউলীয়াবৰী গাওঁ পঞ্চায়তৰ আৰু শিঙিমাৰী গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত ভৱনৰ পৃথকে পৃথকে আজি উদ্বোধন কৰে সমষ্টিটোৰ বিধায়ক ফনীধৰ তালুকদাৰে।

উল্লেখ্য যে-ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান (আৰ জি এছ এ) আঁচনিৰ ধনেৰে চাউলীয়াবৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগনত আৰু শিঙিমাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগনত নতুনকৈ নিৰ্মাণ কৰা ভৱন দুটা বিধায়ক ফনীধৰ তালুকদাৰে উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰিৰ লগতে কে’বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।

Exit mobile version