Mann Ki Baat : ‘মন কি বাত’ৰ ১০০তম পৰ্ব সম্প্ৰচাৰ বাধ্যতামূলক, কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহক নিৰ্দেশ কেন্দ্ৰৰ !

pm modi mann ki baat

Mann Ki Baat :

এপ্ৰিলৰ শেষৰটো দিন অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) ১০০ তম ‘ মন কি বাত ‘ ৰ (Mann ki Baat) পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সকলো সামূহিক ৰেডিঅ’ ষ্টেচনক নিৰ্দেশ দিছে ।

যোৱা কিছুদিনত প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠানটোক লৈ প্ৰচাৰ তুংগত। এই মুহূৰ্তটো স্মৰণীয় কৰি তুলিবলৈ এটা ১০০ টকাৰ মুদ্ৰাৰ চিৰিজো প্ৰকাশ কৰা হ’ব ।

প্ৰধানমন্ত্ৰীয়ে নিজেই সেইটো প্ৰকাশ কৰিব। এই বিশেষ মুদ্ৰাবোৰত মোদীৰ ৰেডিঅ’ অনুষ্ঠানৰ লোগো আৰু শিৰোনাম থাকিব। তথ্য অনুসৰি এই পৰিস্থিতিত, কমিউনিটি ৰেডিঅ’ ষ্টেচনবোৰক অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কেৱল সেইয়াই নহয়, অনুষ্ঠানৰ পাছত নিৰ্দেশ পালন কৰাৰ ‘প্ৰমাণ’ প্ৰেৰণ কৰিবলৈও কোৱা হৈছে। কি সেই প্ৰমাণ ? কোৱা হৈছে অনুষ্ঠানটোৰ প্ৰথম ২৫ ছেকেণ্ড আৰু অন্তিম ২৫ ছেকেণ্ডৰ অডিঅ’ ক্লিপবোৰ কেন্দ্ৰীয় মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগে।

তাতে শেষ নহয় । ইয়াৰ উপৰিও, ‘মন কি বাত’ৰ ১০০ তম খণ্ড উদযাপনৰ প্ৰমাণ হিচাপে ছবিও প্ৰেৰণ কৰিবলৈ কোৱা হৈছে । এনে নিৰ্দেশৰ উত্তৰত ৰেডিঅ’ ষ্টেচনসমূহে কি কয়?

সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰি এজন ৰেডিঅ’ অপাৰেটৰে কয়, ” সপ্তাহান্তৰ পৰিকল্পনা মানুহে আগতীয়াকৈয়ে কৰি ৰাখে । খুব কম মানুহে অনুষ্ঠানটো শুনে। কিন্তু এতিয়া যেতিয়া ইয়াক বাধ্যতামূলক কৰা হৈছে, আমি ইয়াক সম্প্ৰচাৰ কৰিব লাগিব। “

উল্লেখ্য যে , ২০১৪ চনৰ তিনি অক্টোবৰত ‘মন কি বাত’ আৰম্ভ হৈছিল । এতিয়ালৈকে, অনুষ্ঠানটোত ৯৯ টা খণ্ড আছে। ৩০ এপ্ৰিলত ১০০ তম সংস্কৰণৰ হ’ব ‘মন কি বাত’ । চৰকাৰে ইতিমধ্যে জনাইছে যে দেশৰ ১০০ কোটি মানুহে কমেও এবাৰ অনুষ্ঠানটোৰ সম্প্ৰচাৰ শুনিছে।

Exit mobile version