Prakash Singh Badal Passed Away :বৰ্ষীয়ান ৰাজনীতিক পঞ্জাৱৰ পাঁচবাৰৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

prakash sing badal

Prakash Singh Badal Passed Away :

ভাৰতীয় ৰাজনীতিৰ পুৰোধা-বৰ্ষীয়ান ৰাজনীতিক পঞ্জাৱৰ পাঁচবাৰৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান ৷ আকালি দলৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় শিখ নেতা প্ৰকাশ সিং বাদলৰ মঙলবাৰে নিশা মোহালীৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।

বাধক্যজনিত কাৰণে শেষ নিশ্বাস ত্যাগ বাদলৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে দেশজোৰা ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে ৷ বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ মৃত্যুত দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সহ একাধিক দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক বাৰ্তাত কয়, বাদল ভাৰতীয় ৰাজনীতিৰ এক বটবৃক্ষ আছিল ৷ তেওঁৰ বিশাল ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিছে ৷ তেখেতৰ মৃত্যু দেশৰ বাবে এক বৃহৎ ক্ষতি ৷

আনহাতে আজি পুৱা বাদলৰ নশ্বৰ দেহত অন্তিম বিদায় জনোৱা উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় চণ্ডীগড়ত।
প্ৰধানমন্ত্ৰী গৰাকীয়ে বাদলৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলী জনায় ৷

Exit mobile version