Case Against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে গোচৰ !

যানবাহন আইন ভংগৰ অভিযোগ

51ec3001 a2ab 47f0 935d 5c33fd10bbb4

Case Against PM Modi :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উদ্থাপন কৰি এজন লোকে অভিযোগ দাখিল কৰে ডিজি পি আৰু মটৰ পৰিবহন বিভাগত ৷ সংশ্লিষ্ট বিভাগ দুটাত দাখিল কৰা পত্ৰ খনত কেৰালাৰ লোকজনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যানবাহন আইন উলংঘা কৰিৰ অভিযোগ উপস্থাপন কৰিছে ৷

এই অভিযোগক লৈ সমগ্ৰ দেশতে বিশেষ চৰ্চাৰ বিষয় হিচাপে বিবেচিত হৈছে ৷উল্লেখ্য যে,কেইদিনমান পূৰ্বে দুদিনীয়া বিশেষ চৰকাৰী কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছিল কেৰালাত ৷বিভিন্ন কাৰ্যসূচীৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য খনৰ তিৰুৱন্তমপুৰম আৰু কোচিত এক ৰোড শ্ব’ত ভাগ লৈছিল ৷

য’ত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁ ভ্ৰমণ কৰা বাহন খনৰ দুৱাৰত উলমি ৰাইজৰ অভিবাদন গ্ৰহণ কৰি হাত জোকাৰিছিল ৷উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কেৰাললৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীৰ উপৰিও কোচি আৰু তিৰুৱন্তমপুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। এই ৰোড শ্ব’ৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁ ভ্ৰমণ কৰা বাহনখনৰ দুৱাৰত ওলমি ৰাইজলৈ হাত জোকাৰিছিল।

আনহাতে প্ৰধানমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনোৱাৰ বাবে তেওঁৰ অনুৰাগী আৰু গুণমুগ্ধই বাহন ছটিয়াইছিল। ইয়াৰ ফলত বাহন চালকজনৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বুলি অভিযোগ পত্ৰ খনত কেৰালাৰ জয়কৃষ্ণন নামৰ লোকজনে উল্লেখ কৰিছে ৷

তেওঁৰ মতে যানবাহন আইন সকলোৱে মানি চলাটো উচিত ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে যিহেতু নিয়ম উলংঘা কৰিছে তাৰ বাবে তেওঁ জবাবদিহি হ’বই লাগিব ৷আইন সকলোৰে বাবে সমান বুলি মন্তব্য কৰে জয়কৃষ্ণনে ৷

উল্লেখ্য যে,কেৰালাৰ জয়কৃষ্ণন নামৰ লোকজনে ২৬ এপ্ৰিলত কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু যানবাহন আৰক্ষীৰ ওচৰত লিখিত অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছিল ৷

Exit mobile version