Dibrugarh : ডিব্ৰুগড়ত উপস্থিত খালীস্তানী কাৰাবন্দীৰ আত্মীয়

কাৰাগাৰত আবদ্ধ খালীস্তানী অমৃত পাল সিঙসহ আন এঘাৰ কাৰাবন্দীক কৰিব সাক্ষাৎ

d4ab278f 0928 4d2c 9f48 f02cb3cce59a

Dibrugarh :

ডিব্ৰুগড়ত কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ খালীস্তানী নেতা আৰু তেওঁৰ সহযোগীসকলক সাক্ষাৎ কৰিবলৈ বৃহস্পতিবাৰে পুৱা খলিস্তানী পন্থী নেতা অমৃতপাল সিঙৰ পৰিয়ালৰ সদস্যসহ মুঠ ১৩ জন ডিব্ৰুগড়ত উপস্থিত হয়।

প্ৰাপ্ত খবৰ অনুসৰি, অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙেও তেওঁৰ পুত্ৰক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে।

অমৃতপাল আৰু তেওঁৰ সহযোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ স’তে যাতে সাক্ষাৎ কৰিব পাৰে তাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে পৰিয়ালৰ সকলৰ সৈতে ডিব্ৰুগড়লৈ আহিছে পাঞ্জাবৰ পৰা আহিছে শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ (এছজিপিচি) সদস্য তথা জ্যেষ্ঠ অধিবক্তা ভগৱন্ত সিং শিয়ালকাও ।

উল্লেখ্য যে, খালিস্তানি নেতা তথা ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক পাঞ্জাবত ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু একেদিনাই অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল ।

অমৃতপালৰ বিৰুদ্ধে ১৮ মাৰ্চত পাঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল ৷ তাৰ পাছৰে পৰা এমাহৰো অধিক সময়দিন পলাতক অৱস্থাত আছিল অমৃতপাল সিঙ ৷

আৰক্ষীক এক উচ্চ স্তৰীয় সূত্ৰই জনোৱা মতে, মঙলবাৰে খলিস্তান পন্থী নেতা অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ বিষয়াসকলে মাৰাথন জেৰা কৰে।ৱাৰিছ পাঞ্জাৱ দে (ডব্লিউপিডি)ৰ মুৰব্বীজনক এটা পৃথক কোঠাত ৰখা হৈছে।

অমৃতপাল সিঙৰ নজন ঘনিষ্ঠ সহযোগীক ইতিমধ্যে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত একেখন কাৰাগাৰত ৰখা হৈছে। তেওঁলোক হ’ল হৰজিৎ সিং (অমৃতপালৰ খুৰাক), দলজিৎ সিং কালচি, ভাৰিন্দৰ সিং জোহাল, পাপলপ্ৰীত সিং, গুৰমিত সিং বুক্কানৱালা, কুলৱন্ত সিং ধালিৱাল, বসন্ত সিং, ভগৱন্ত সিং আৰু গুৰিন্দৰপাল সিং ঔজলা।

কাৰাগাৰৰ সূত্ৰ অনুসৰি, অমৃতপালক তেওঁৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙকে ধৰি সংগঠনটোৰ আন সদস্যসকলক লগ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ।

Exit mobile version