Pharma Companies : হৃদৰোগৰ পৰা ডায়েবেটিচৰ লৈকে , মানদণ্ড পৰীক্ষাত বিফল দৈনিক ব্যৱহৃত ৪৮ টা ঔষধ

2018 7image 22 40 552600000medicamentos

Pharma Companies :

কিছুদিনৰ আগতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়ন্ত্ৰক ডিচিজিআই (DCGI)য়ে ভুৱা ঔষধ নিৰ্মাণৰ বাবে ১৮ টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল (Pharma Companies)।

এইবাৰ, দেশত মানদণ্ড পৰীক্ষাত বিফল হৈছে বহুলভাৱে ব্যৱহৃত ৪৮ টা ঔষধ । ইয়াৰ ভিতৰত আছে হাৰ্টৰ ঔষধ, ডায়েবেটিচ, চাপৰ লগতে মাল্টিভিটামিন আদি

পৰীক্ষা কৰি দেখা গৈছে যে এই ঔষধবোৰৰ উপাদানবোৰত ত্ৰুটি আছে। ডিচিজিআইয়ে ইতিমধ্যে মানদণ্ড পৰীক্ষাত বিফল হোৱা ঔষধৰ এখন তালিকা প্ৰকাশ কৰিছে।

চিন্তাৰ বিষয় টো হ’ল যে বেছিভাগ বিফল ঔষধ বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে কেবাটাও এণ্টিবায়টিক, মাল্টিভিটামিন, প্ৰ’বায়োটিক, হৃদৰোগৰ ঔষধ, ডায়েবেটিচ-ৰোধী , কেলচিয়াম টেবলেট ইত্যাদি।

উদাহৰণ স্বৰূপে, উচ্চ ৰক্তচাপৰ বাবে ব্যৱহৃত টেলমিচাৰ্টিন এণ্টি-ডায়েবেটিক গ্লাইমেপিৰাইড আৰু মেটফৰ্মিন এই তালিকাত আছে।

আনকি ভিটামিন টেবলেট, যেনে ভিটামিন চি, ভিটামিন বি১২, ফলিক এচিড, এমোক্সিচিলিন, ভিটামিন ডি৩ টেবলেটও তালিকাখনত আছে।

ইয়াৰে কেবাটাও ঔষধ শিশুসকলো দিয়া হয়। তথ্য অনুসৰি ৪৮ টা ঔষধ ৰেড তালিকাভুক্ত হোৱাৰ পাছতে ডিচিজিআইয়ে ফাৰ্মা কোম্পানীবোৰৰ পৰা মতামত বিচাৰিছে ।

কেবাটাও ফাৰ্মাচিউটিকেল কোম্পানীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যদিও ইয়াৰ পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য মন্ত্ৰালয়ে এই কোম্পানীবোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়

শেহতীয়াকৈ ডিচিজিআই বিষয়াসকলে ২০ খন ৰাজ্যৰ ৭৬ টা ফাৰ্মাচিউটিকেল কোম্পানীৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰে।পৰৱৰ্তী সময়ত, ভুৱা ঔষধ নিৰ্মাণৰ বাবে ১৮ টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয়।

Exit mobile version