Same Sex Marriage : উচ্চতম ন্যায়ালয়ত অব্যাহত সম লিংগ বিবাহক আইনী মর্যাদা প্ৰদানৰ শুনানি অব্যাহত

সম লিংগ বিবাহৰ দৰে জটিল বিষয়ত সংসদক সিদ্ধান্ত ল’বলৈ দিয়ক : কেন্দ্ৰ

1682507425 same

Same Sex Marriage :

যোৱা ২৩ এপ্ৰিলত বাৰ কাউন্সিল অৱ ইণ্ডিয়াই সর্বোচ্চ ন্যায়ালয়ক সম লিংগ বিবাহৰ দৰে স্পর্শকাতৰ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব সংসদক অৰ্পণ কৰিবলৈ আবেদন জনাইছিল।উল্লেখ্য যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভণিৰে পৰাই সম লিংগ বিবাহৰ আইনী স্বীকৃতিৰ বিৰুদ্ধাচৰণ কৰি আহিছে।কেন্দ্ৰীয় চৰকাৰৰ মতে, এয়া কেৱল এক নগৰীয়া চিন্তাধাৰাহে। এই স্বীকৃতিৰ ফলত পৰম্পৰাগত বিবাহ ব্যৱস্থা ভাঙি পৰিব বুলিও কেন্দ্ৰই কৈছে।

অৱশ্যে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আৰম্ভণিৰে পৰাই কেন্দ্ৰৰ স’তে দ্বিমত পোষণ কৰি আহিছে। তেওঁ কয় যে সমকামিতা যে কেৱল নগৰীয়া বিষয় এই কথা প্ৰমাণ কৰিবলৈ চৰকাৰৰ হাতত কোনো পৰিসংখ্যা নাই।তদুপৰি তেওঁ কয় যে দুজন একে লিংগৰ মানুহৰ মাজত সম্পৰ্ক কেৱল শাৰীৰিক নহয়, ই মানসিক, সৃষ্টিশীল সম্পর্কও। নাৰী-পুৰুষৰ সংজ্ঞা কেৱল জননাংগৰ ওপৰত নিৰ্ভৰ নকৰে বুলিও তেওঁ কয়।

২০১৮ৰ ছয় ছেপ্টেম্বৰত দেশৰ সংবিধানৰ পৰা ৩৭৭ অনুচ্ছেদ সংশোধন কৰি সমকামিতাক অপৰাধমুক্ত কৰাৰ কথাও কেন্দ্ৰীয় চৰকাৰক আঙুলিয়াই দিছে মুখ্য ন্যায়াধীশে।তেওঁ প্ৰশ্ন কৰে যে যদিহে সমকামিতা অপৰাধ নহয়, তেন্তে দুজন প্রাপ্তবয়স্ক সমলিংগ মানুহৰ বিবাহৰ দৰে স্থিতিশীল সম্পৰ্কত বান্ধ খোৱাত বাধা ক’ত।

তদুপৰি এই সম্পৰ্কীয় গোচৰৰ পূৰ্বৰ এক শুনানিত মুখ্য ন্যায়াধীশে কৈছিল যে বিবাহ সম্পর্কে আমাৰ প্রচলিত ধাৰণা নতুনকৈ সংজ্ঞায়িত কৰিব লাগিব।এই পৰিস্থিতিত বুধবাৰে পঞ্চম দিনৰ শুনানিত ছলিচিটৰ জেনেৰেল মেহতাই কয়, ‘আচল প্ৰশ্নটো হ’ল বিবাহ কি আৰু কাৰ মাজত তাকে লৈ কোনে সিদ্ধান্ত ল’ব।’এই প্ৰসংগত শুনানিত উত্থাপিত হৈছে ৰাষ্ট্ৰসংঘৰ এক প্রতিবেদনৰ প্ৰসংগ। য’ত কোৱা হৈছে ‘পাৰস্পৰিক সন্মতিত প্রাপ্তবয়স্ক দুজন মানুহৰ মাজত শাৰীৰিক সম্পর্ক স্থাপন হ’লে তাক কোনোমতে অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।এই ক্ষেত্ৰত তেওঁলোকৰ লিংগ,যৌন পছন্দ, যৌন পৰিচয়, বিবাহ, একো কথাই বিবেচিত নহয়।’

দুজন বিপৰীত লিংগৰ, সম লিংগ অথবা তেওঁলোকৰ মাজত এজন বা দুজন যদি ৰূপান্তৰকামীও হয়, এই পৰিস্থিতিতো যৌন সম্পর্ক পাৰস্পৰিক সন্মতিত স্থাপন হ’লে সেয়া অপৰাধ নহয় বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।

Exit mobile version