Sudan: গৃহযুদ্ধৰ সুদানৰ পৰা উদ্ধাৰ ১১০০ ভাৰতীয় , পৰিস্থিতিৰ বুজ ল’বলৈ উচ্চ পৰ্যায়ৰ বৈঠক মোদীৰ

sudan 4

Sudan :

গৃহযুদ্ধৰ ফলত বিধ্বস্ত হোৱা সুদানৰ পৰা ইতিমধ্যে প্ৰায় এহেজাৰ ১০০ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।সাধাৰণ লোকৰ পৰা কূটনীতিবিদলৈকে অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰা বাহিৰলৈ উদ্ধাৰ কৰা হৈছে বুলি জনাইছে বৈদেশিক সচিব বিনয় মোহন কোত্ৰাই ।

ভাৰতীয় নৌসেনাৰ দুখন জাহাজ ইতিমধ্যে সুদানলৈ প্ৰেৰণ কৰা হৈছে। আজি পুনৰ আন এখন জাহাজ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ প্ৰেৰণ কৰা হয় ।

চুদানত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ অভিযান কাবেৰী আৰম্ভ কৰিছিল ভাৰতে । তেতিয়াৰ পৰা, আটকাধীন নাগৰিকসকলক ছয়টা পৰ্যায়ত স্থানান্তৰ কৰা হৈছে।

তেওঁলোকৰ বহুতে ভাৰতীয় বায়ু সেনাৰ বিমানত দেশলৈ ৰাওনা হৈছে। উদ্ধাৰকাৰ্যৰ প্ৰসংগত আজি সাংবাদিকৰ মুখামুখি হয় বৈদেশিক সচিব।তেওঁ কয় যে চুদানত আৱদ্ধ প্ৰতিজন ভাৰতীয়ক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই অনা হ’ব।

কিন্তু এখন সংবাদমেলত কোত্ৰাই স্বীকাৰ কৰে যে যুদ্ধবিৰতি ৰখা স্বত্বেও সুদানত আক্ৰমণ বন্ধ হোৱাৰ কোনো লক্ষণ নাই। তেঁও কয়, “

সুদানত প্ৰায় ৪,৫০০ ভাৰতীয় আছে। দেশৰ পৰিস্থিতি দিন-ৰাতি নিৰীক্ষণ কৰা হৈছে। আইএনএছ ষ্টাৰকাছক আজি সুদান বন্দৰলৈ প্ৰেৰণ কৰা হৈছে। দেশখনত কে’বাটাও নিয়ন্ত্ৰণ কক্ষও খোলা হৈছে। “

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুদানৰ পৰিস্থিতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে। তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে যে প্ৰতিজন ভাৰতীয় ই সুস্থ হৈ ঘৰলৈ উভতি আহে। সেই বিষয়টোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰিবলৈ অধিকাৰীসকল বিশেষ ভাৱে নিৰ্দেশ দিয়ে ।

বৈদেশিক সচিবে লগতে কয় যে যদিও যুদ্ধ বিৰতি আছে, দুয়োপক্ষই ইয়াক মানি চলা নাই। বৰ্তমান চৌদি আৰৱৰ সহায়ত উদ্ধাৰ অভিযান চলি আছে। ভাৰতে ইয়াৰ বাবে দেশখনক ধন্যবাদ জনাইছে।

Exit mobile version