Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

নিয়ন্ত্ৰণৰ বাহিৰলৈ কাশ্মীৰ

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
June 6, 2022
in Opinion
Reading Time: 1 min read
0
নিয়ন্ত্ৰণৰ বাহিৰলৈ কাশ্মীৰ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

শেহতীয়াকৈ বিশেষভাৱে কিছু সংখ্যক লোকক লক্ষ্য কৰি লৈ সন্ত্ৰাসবাদীয়ে জধে-মধে হত্যা কৰাৰ পাছতে কাশ্মীৰত পুনৰ জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে । এই হত্যাকাণ্ডসমূহে ঘাইকৈ কাশ্মীৰী পণ্ডিতসকলৰ মাজত এনে আতংকৰ সৃষ্টি কৰিছে যে বহুতেই ইয়াক ১৯৯০ৰ পৰিৱেশৰ স’তেও ৰিজাইছে । লগতে নৰেন্দ্ৰ মোদী চৰকাৰৰ বহু চৰ্চিত কঠোৰ কাশ্মীৰ নীতিৰ ফলাফলক লৈও প্ৰশ্ন উত্থাপিত হৈছে । ২০১৪ৰ পূৰ্বৰ চৰকাৰসমূহৰ দুৰ্বলতাৰ বাবেই কাশ্মীৰ সমস্যাৰ সমাধান হোৱা বুলি অভিযোগৰ আঙুলি টোঁৱাই কঠোৰ তথা নিৰ্ণায়ক পদক্ষেপ গ্ৰহণৰ দাবী কৰা মোদী চৰকাৰৰ কাৰ্যকালতো সম্প্ৰতি সৃষ্টি হোৱা পৰিস্থিতিয়ে ইয়াক নতুনকৈ বিশ্লেষণৰ সুযোগ আনি দিছে ।

ADVERTISEMENT

যোৱা ২০১০ৰ পৰা পৰিসংখ্যালৈ চালে দেখা যায় যে কাশ্মীৰত প্ৰতিবছৰে প্ৰায় সমসংখ্যক অসামৰিক লোকে সন্ত্ৰাসবাদীৰ হাতত মৃত্যু বৰণ কৰি আহিছে । ২০১০ৰ পৰা বছৰি ১৯ জনৰ পৰা ৩৪ জন পৰ্যন্ত অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে । অৱশ্যে ২০১৮ত এই সংখ্যা ৮৬ জনলৈ বৃদ্ধি পায় । চলিত বছৰতো এই পৰ্যন্ত সন্ত্ৰাসবাদীয়ে নিৰ্দিষ্টভাৱে লক্ষ্য কৰি ১৯ জনক হত্যা কৰিছে ।

শেহতীয়াভাৱে যি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ সূত্ৰপাত ঘটে ২০২১ৰ পাঁচ অক্টোবৰত । সেই দিনাই শ্ৰীনগৰৰ সৰ্বজনপ্ৰিয় ফাৰ্মাচিষ্ট মাখন লাল বিন্দ্ৰু নামৰ কাশ্মীৰী পণ্ডিতজনক সন্ত্ৰাসবাদীয়ে নিজৰ প্ৰতিষ্ঠানতে গুলীয়াই হত্যা কৰে । কাশ্মীৰত সন্ত্ৰাসবাদে শীৰ্ষত আৰোহণ কৰাৰ সময়ত কাশ্মীৰী পণ্ডিত প্ৰমুখ্যে হিন্দুসকলে পলায়ন কৰাৰ সময়তো ফাৰ্মাচিষ্টজনে পৰিয়ালসহ শ্ৰীনগৰতে বাস কৰি আছিল । তেওঁৰ মৃত্যুত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক মৰ্মাহত হৈ পৰে । বিন্দ্ৰুৰ হত্যাৰ পাছৰে পৰা এই পৰ্যন্ত যোৱা আঠ মাহত ২৯ জন অসামৰিক লোকক হত্যা কৰা হৈছে । গতিকে অসামৰিক লোকৰ হত্যাৰ ক্ষেত্ৰত পূৰ্বৰ ‘দুৰ্বল’ চৰকাৰ আৰু বৰ্তমানৰ ‘শক্তিশালী’ চৰকাৰৰ বিশেষ তাৰতম্য ঘটা নাই ।

কিন্তু শেহতীয়াভাৱে চৰকাৰী কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষয়িত্ৰীকে ধৰি কিছু সংখ্যক পণ্ডিতক সন্ত্ৰাসবাদীয়ে বাছি বাছি হত্যা কৰাৰ পাছতে এইসকল লোকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে আৰু কেবাশ লোকে ইতিমধ্যে কাশ্মীৰ এৰি পলায়ন কৰিছে । ১৯৮৯-৯০ত সন্ত্ৰাসবাদীৰ ভাবুকিত হিন্দু পণ্ডিতসকলে তেওঁলোকৰ সৰ্বস্ব এৰি কাশ্মীৰৰ পৰা পলায়ন কৰিছিল । বহু সংখ্যক জম্মু, দিল্লী প্ৰমুখ্যে আন কে’বাখনো ৰাজ্যত নিজ দেশতে ভগনীয়াৰূপে আশ্ৰয় ল’বলৈ বাধ্য হৈছিল । তেতিয়াৰে পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰত্যাৱৰ্তন তথা পুনৰ সংস্থাপন ৰাজনৈতিক ইছ্যুৰূপে চৰ্চিত হৈ আহিছে । প্ৰাণৰ মমতাত তেওঁলোকে এৰি থৈ অহা ঘৰ-বাৰী, খেতি-বাতি, ব্যৱসায়-বাণিজ্য সকলোবোৰ সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতাত আন লোকে অধিকাৰ কৰি লৈছিল ।

পাছত ২০০৮ত প্ৰধানমন্ত্ৰীৰ বিশেষ নিয়োগ পেকেজৰ অধীনত চাৰি হেজাৰৰো অধিক কাশ্মীৰী পণ্ডিতক কাশ্মীৰ উপত্যকাৰ বিভিন্ন প্ৰান্তত বিভিন্ন চৰকাৰী পদত নিযুক্তি দিয়া হয় । কিন্তু শেহতীয়া হত্যালানিৰ পৰিপ্ৰেক্ষিতত আতংকগ্ৰস্ত হিন্দু পণ্ডিতসকলে কাশ্মীৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ চৰকাৰক দাবী জনাবলৈ বাধ্য হৈছে । প্ৰতিশ্ৰুতি অনুসৰি সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি স্থানান্তৰৰ দাবীৰে কাশ্মীৰী পণ্ডিতসকলে ধাৰাবাহিকভাৱে ধৰ্ণা, অৱস্থান ধৰ্মঘট, আদিও ৰূপায়ণ কৰি আহিছে ।

ইয়াৰ বিপৰীতে নিৰ্দিষ্ট লক্ষ্যৰে চলাই অহা হত্যাই সন্ত্ৰাসবাদী গোটসমূহৰ হতাশাকে সূচাইছে বুলি ধৰি লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰথম অৱস্থাত পৰিস্থিতিলৈ নীৰিক্ষণ অব্যাহত ৰাখিছে । সন্ত্ৰাসবাদীয়ে যিহেতু বহিঃৰাজ্যৰ শ্ৰমিককো হত্যা কৰিছে, সেয়ে পৰ্যটক লক্ষ্য হোৱাটো আচৰিত নহয় । যিকোনো লোকেই এনে আক্ৰমণৰ বলি হ’ব পাৰে । আনকি সন্ত্ৰাসবাদীয়ে স্থানীয় মুছলমানকো হত্যা কৰিছে । এনে ধৰণৰ মনোভাৱেৰেই কেন্দ্ৰ‌ই তাৎক্ষণিকভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল; কিন্তু প্ৰাণ ৰক্ষাৰ বাবে কাশ্মীৰ ত্যাগ কৰিবলৈ হিন্দুসকল উত্ৰাৱল হৈ পৰাত অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্‌হাৰ স’তে দিল্লীত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়, য’ত নিৰাপত্তা বাহিনীৰ মুৰব্বীসকলেও অংশগ্ৰহণ কৰে ।

১৯৯০ৰ দৰে বৰ্তমানৰ চৰকাৰ আৰু এক নৃগোষ্ঠীয় নিৰ্মূলীকৰণৰ অংশ হ’ব নিবিচাৰে বুলি স্পষ্ট কৰি দি সেই বাবেই পণ্ডিতসকলক কাশ্মীৰৰ পৰা স্থানান্তৰ নকৰে বুলিও চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় । অৱশ্যে তাৰ পৰিৱৰ্তে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত কৰ্মৰত পণ্ডিতসকলক সুৰক্ষিত স্থানলৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰ পাছতে উপ-ৰাজ্যপালৰ কাৰ্যালয়ে হিন্দু কৰ্মচাৰীসকলক কাশ্মীৰ উপত্যকাৰে সুৰক্ষিত স্থানলৈ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । কৰ্মৰত হিন্দু দম্পতীসকলক সুৰক্ষাৰ বাবে একেই স্থানত নিযুক্তিৰ ব্যৱস্থা কৰা হয় ।

বিভিন্ন বিভাগত কৰ্মৰত বিষয়া-কৰ্মচাৰী তথা শিক্ষকসকলক সেনা বাহিনীৰ ছাউনীৰ আশে পাশে থকা অঞ্চললৈ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । অৱশ্যে এনে বদলিয়ে হিন্দুসকলক সুৰক্ষিত অনুভৱ কৰাবনে সেয়া লক্ষ্যণীয় হ’ব । কিয়নো যোৱা ১২ মে’ত মহকুমাধিপতিৰ কাৰ্যালয়তে ৰাহুল ভাট নামৰ কাশ্মীৰী পণ্ডিত কৰ্মচাৰীজনক সন্ত্ৰাসবাদীয়ে দিন দুপৰতে গুলীয়াই হত্যা কৰাৰ পাছত আন পণ্ডিতসকলৰ অধিকাংশ‌ই প্ৰাণৰ ভয়ত কৰ্তব্যত যোগদানৰ পৰা বিৰত আছে । অকল পণ্ডিতসকলেই নহয়, ডোগ্ৰা হিন্দুসকলেও সুৰক্ষিত স্থানলৈ বদলিৰ দাবী জনাইছে । সন্ত্ৰাসবাদীৰ বলি হৈ কাশ্মীৰ উপত্যকাত কাম কৰিবলৈ তেওঁলোক ইচ্ছুক নহয় বুলি আনকি প্ৰতিবাদী সমদলো উলিয়াইছে । চৰকাৰে অৱশ্যে কৈছে যে এনেবোৰ আক্ৰমণৰ আঁৰত পাকিস্তানৰ হাত আছে আৰু কাশ্মীৰ উপত্যকাত অশান্তি সৃষ্টিয়েই সেইবোৰ শক্তিৰ লক্ষ্য ।

২০১৯ৰ পাঁচ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰাৰ অধীনত বলৱৎ হৈ থকা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাই নহয়, ৰাজ্যখনক দুভাগত বিভক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয় । বিজেপি তথা আৰ এছ এছৰ বাবে নিঃসন্দেহে ই এক বৃহৎ নীতিগত জয় । ইয়াৰ জৰিয়তে দেশৰ অন্যান্য ৰাজ্যৰ স’তে জম্মু-কাশ্মীৰৰকো ভাৰতে যে সমদৃষ্টিৰে জ্ঞান কৰে আৰু দেশৰ এক অংগাংগী অংশৰূপে যে ইয়াক লৈ কোনো দৰ-দামৰ প্ৰশ্ন নুঠে স্পষ্টভাৱে সেই বাৰ্তা বিশ্ববাসীলৈ দিয়া হৈছে । বিজেপি-আৰ এছ এছৰ দীৰ্ঘদিনীয়া এই এজেণ্ডাৰো ইয়াৰ লগে লগে সফল ৰূপায়ণ কৰিবলৈ সক্ষম হয় মোদী চৰকাৰে । কিন্তু বিজেপি আৰু ইয়াৰ সমৰ্থকসকলে দাবী কৰাৰ দৰে ২০১৯ৰ পাঁচ আগষ্টৰ দিনা কাশ্মীৰ সমস্যাৰ অন্ত পৰিল বুলি ভাবিলে ভুল কৰা হ’ব । এই কথাও ঠিক যে কাশ্মীৰ সমস্যাৰ গভীৰতা মাত্ৰ শেহতীয়া ধৰণৰ কেইটামান কূটাঘাতৰ জৰিয়তে জোখাটো সম্ভৱ নহয় ।

১৯৯০ৰ কাশ্মীৰী পণ্ডিতৰ হত্যা আৰু গণ পলায়ন পূৰ্বৰ চৰকাৰসমূহৰ ব্যৰ্থতাৰ পৰিণতি বুলিয়ে বিজেপিয়ে অভিযোগ কৰি আহিছে – ইয়াৰ জৰিয়তে তেওঁলোকে যে কেন্দ্ৰৰ নেহৰু-গান্ধীৰ চৰকাৰ আৰু কাশ্মীৰৰ আব্দুল্লা-মুফতি চৰকাৰকে সমালোচনাৰ লক্ষ্য কৰি আহিছে তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । সেই বাবেই বিশেষকৈ ২০১৪ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত কাশ্মীৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে । কিন্তু সাংবিধানিক সংশোধনীৰ জৰিয়তে ৩৭০ ধাৰা বাতিল কৰিলেও অসামৰিক লোকৰ হত্যাৰ ক্ষেত্ৰত যে পৰিস্থিতিৰ বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই, সেয়া ওপৰত উল্লেখিত তথ্য‌ই স্পষ্টভাৱে দাঙি ধৰে । মুঠতে ৰাজ্যখন আজিও সংখ্যালঘু অথবা বহিঃৰাজ্যৰ বাসিন্দাৰ বাবে কাম কৰিবলৈ সুৰক্ষিত হৈ উঠা নাই ।

এই কথা ঠিক যে ৭০ বছৰে সমাধান নোহোৱা কাশ্মীৰৰ দৰে এক জটিল সমস্যাৰ মোদী চৰকাৰে মাত্ৰ পাঁচ বছৰতে সমাধান কৰি পেলোৱাটো সম্ভৱ নহয় । ৰাজনীতিকে প্ৰতিটো কথাতে পূৰ্বসূৰীসকলৰ ব্যৰ্থতাক দূষি নিজৰ সাফল্যৰ দাবী কৰাটো তেনেই স্বাভাৱিক । কিন্তু সময়ত সেই সাফল্যৰ দাবীৰ প’ষ্টমৰ্টমো অৱধাৰিত । এনে পৰিপ্ৰেক্ষিতত ২০১৪ৰ পৰা ভাৰতৰ নতুন অধ্যায় আৰম্ভ হোৱাৰ যি দাবী, সিও বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণত বাধাৰহে সৃষ্টি কৰা যেন ধাৰণা হয় । সেই বাবেই ৩৭০ ধাৰা বাতিল নীতিগত দিশত বৃহৎ জয় হ’লেও কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ অথবা জেহাদী কাৰ্যকলাপ মষিমূৰ কৰাটো সম্ভৱ হৈ উঠা নাই । তদুপৰি পাকিস্তান-চীন আদিৰ প্ৰত্যক্ষ অথবা পৰোক্ষ পৃষ্ঠপোষকতাত হিংসা অব্যাহত থকাটোও অস্বাভাৱিক নহয় । এই কথাত সন্দেহ নাই যে শেহতীয়া হিংসা বাদেই আৰু বহুত গুৰুতৰ ঘটনায়ো কাশ্মীৰক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে ।

দৰাচলতে জম্মু-কাশ্মীৰৰ সমস্যাটোক ধৰ্মীয় দৃষ্টিকোণেৰে চালে ইয়াৰ সমাধান সূত্ৰ উলিওৱাটো সম্ভৱ নহ’ব । ইয়াক কাশ্মীৰবাসীৰ দৃষ্টিৰেই চাব লাগিব । উত্তৰ প্রদেশ, বিহাৰ অথবা আন ৰাজ্যত ৰাজনীতি ইচ্ছ্যুৰূপে ব্যৱহাৰ কৰিবলৈ চেষ্টা চলালে কাশ্মীৰ জটিলতাৰ পৰা ওলাব‌ই নোৱাৰিব । ই কোনোপধ্যে নেতাৰ ভাষণত সমাধান হোৱা বিষয় নহয় । অসীম ধৈৰ্য আৰু বাস্তৱ পৰিস্থিতিৰ অধ্যয়নৰ জৰিয়তেহে ইয়াৰ সমাধান সূত্ৰৰ দিশে আগবঢ়াটো সম্ভৱপৰ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu and KashmirKashmiri Panditpranjal sen dekaTerrorist Attack
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d