Bishua Utsav :
আজি গোসাইগাঁৱৰ বাবুবিলত আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্দোগত আৰু গোসাইগাঁও আঞ্চলিকৰ লগতে গোসাইগাঁও, বাবুবিল, পদ্মপুখুৰী,বাসবাৰী ৰাইজৰ সহযোগত গোসাইগাঁও আঞ্চলিক বিষুৱা উৎসৱ উদযাপন।
উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা শুৱছনি পুজাৰ পাছত পতাকা উত্তোলন,শ্বহীদ বেদীত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন, বৃক্ষৰোপন, সাংস্কৃতিক শোভাযাত্রাৰ লগতে বিষুৱা সুন্দৰী বাদুৰ বাদ আৰু ৰাতি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত আক্ৰাছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়,গুমা মণ্ডল বিজেপিৰ সভাপতি নিলেশ্বৰ ৰায়,পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি প্ৰহ্লাদ ৰায়, মহিলা সমিতিৰ সহ সম্পাদিকা সৌদা বৰ্মন, বিষুৱা উদযাপন সমিতিৰ সভাপতি,সম্পাদকৰ লগতে আক্ৰাছুৰ অইন অইন বিষয়ববীয়া আৰু ৰাইজসকল।






























