Sudan Clash : সুদানত আৱদ্ধ ৩৫০০ জন ভাৰতীয়

1682649530 sudan

Sudan Clash :

সুদানত আৱদ্ধ হৈ আছে কমেও ৩,৫০০ ভাৰতীয় আৰু ১,০০০ ভাৰতীয় বংশোদ্ভূত লোক । আজি বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এই কথা কয়। তেওঁ আশ্বাস দিয়ে যে গৃহযুদ্ধৰ ফলত বিধ্বস্ত হোৱা সুদানৰ পৰিস্থিতি ভাৰত চৰকাৰে অহৰহ নিৰীক্ষণ কৰি আছে।

কোৱাট্ৰাই কয়,”আমি ইতিমধ্যে জনাইছো যে প্ৰায় ৬০০ ভাৰতীয় নাগৰিক সুদানৰ পৰা স্বদেশলৈ উভতি আহিছে। ৩৬০ জন লোক চৌদি আৰৱলৈ উভতি আহিছে।

আন ২৪৬ জন ভাৰতীয় মহাৰাষ্ট্ৰলৈ উভতি আহিছে। অতি কমেও ৪৯৫ জন ভাৰতীয় সুদানৰ পৰা জেদ্দাত উপস্থিত হৈছে।বৈদেশিক সচিবে জনাইছে যে ভাৰতীয় নৌসেনাৰ তৃতীয় খন জাহাজ সুদানত উপস্থিত হৈছে।কোৱাট্ৰাই কয়,”আমাক অৱগত কৰা হৈছে, আইএনএছ তাৰকশ্ব বন্দৰ সুদানত উপস্থিত হৈছে।”

উদ্ধাৰ অভিযানত প্ৰতমে উপস্থিত হৈছিল আইএনএছ সুমেধ । জাহাজখনে ৩০০ জন লোকক উদ্ধাৰ কৰি তেওঁলোকক জেদ্দালৈ ঘূৰাই আনে আৰু পৰৱৰ্তী দলটোক উদ্ধাৰ কৰিবলৈ জাহাজখন সুদানৰ পথত ।বিদেশ সচিবজনে কয় ,”ভাৰতীয় বায়ু সেনাৰ দুখন চি-১৩০ বিমান জেদ্দালৈ উৰা মাৰে । ই বাৰে বাৰে যাতায়ত কৰিছে।

জেদ্দা আৰু পৰ্ট সুদানত এটা নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে। দূতাবাসৰ স’তে একেলগে কাম কৰা হৈছে । ” তথ্য অনুসৰি কেবাখনো দেশে ভাৰতক তেওঁলোকৰ নাগৰিকসকলক ।

এই উদ্ধাৰকাৰ্যক ভাৰত চৰকাৰে ‘কাবেৰী অভিযান’ নাম দিছে। প্ৰথম পৰ্যায়ত ৩৬০ জন লোক দেশলৈ উভতি অহাৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পিবাৰে ছ’চিয়েল মিডিয়াত লিখিছিল, “ভাৰতে নিজৰ দেশৰ লোকসকলক আদৰণি জনাইছে।

বিগত ১৫ এপ্ৰিলৰ পৰা উত্তৰ আফ্ৰিকাৰ দেশখনত গৃহযুদ্ধ চলি আছে। সুদান সশস্ত্ৰ বাহিনী আৰু দ্ৰুত সমৰ্থন বাহিনীৰ মাজত সংঘৰ্ষ। যুদ্ধ বিৰতি মঙলবাৰে আৰম্ভ হৈছিল।

অৱশ্যে, ৰাজধানী খাৰ্তুমকে ধৰি বিভিন্ন চহৰৰ পৰা মাজে মাজে গুলীবৰ্ষণ আৰু বোমা আহি আছে। শ শ লোক নিহত হোৱাৰ লগতে চাৰি হেজাৰো অধিক লোক আহত।

Exit mobile version