Exceptional Marriage :ঘগ্ৰাপাৰৰ-নাৰপাৰা দৰাই কইনা আনিবলৈ উঠি গ’ল গৰু গাড়ীত

কইনা ডোলাত উঠি আহিল দৰাৰ ঘৰলৈ , ১৩ বছৰীয়া প্ৰেমে পূৰ্ণতা পালে কমল-তৃষ্ণাৰ

marriage

Exceptional Marriage :

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ নাৰপাৰা এখন ব‍্যতিক্ৰমী বিয়া দেখা গ’ল গ্ৰাম্য সমাজ জীৱনৰ পৰা হেৰুৱাই যোৱাৰ উপক্ৰম হোৱা পৰম্পৰা । কালি নিশা নাৰপাৰা এগৰাকী দৰাই কইনা আনিবলৈ উঠি গ’ল গৰু গাড়ীত। আৰু দৰাঘৰলৈ ডোলাত উঠি আহিল কইনা।

উল্লেখ‍্য যে কালি নিশা ব‍্যতিক্ৰমী ৰূপত নাৰপাৰা গাঁও নিৱাসী তথা দৰা কমল কলিতাক চাবলৈ হিলদল ভাঙি ওলাই আহিছিল ৰাইজ।আগে আগে চৈ দিয়া গৰু গাড়ীত দৰা পিছে পিছে খোজকাঢ়ি বৰযাত্ৰীৰ লগতে ঢুলীয়া-খুলীয়া আৰু বেণ্ডপাৰ্টী।যেন এক মনোমোহা দৃশ্য দেখা গ’ল নলবাৰী জিলা ঘগ্ৰাপাৰৰ-নাৰপাৰাত।

দৰা কমল এগৰাকী মেডিকেলৰ চৰকাৰী কৰ্মচাৰী হৈও বিলাসী বাহন ব‍্যৱহাৰ নকৰি, চৈ-দিয়া গৰু গাড়ীত উঠি কইনা ঘৰলৈ আহিল। পুৰণি পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসতে সখী সহিতে কইনা আনিবলৈ কমল আহিল গৰু গাড়ীত ৷নাৰপাৰাৰ সমীপবৰ্তী ননৈ গাঁৱৰ কইনাৰ ঘৰলৈ এনেকৈয়ে আনন্দ-ফূৰ্তিৰে শোভাযাত্ৰা কৰি গ’ল বৰযাত্ৰী। ৰাজপথতে কইনা ঘৰৰ যুৱক সকলে পৰম্পৰা অনুসৰি দৰাও আদৰিছে।

দৰাঘৰীয়াই ৰীতি-নীতিৰে গুৱা-পান অৰিহণা আগবঢ়াই আশীৰ্বাদ লৈছে ৷ কইনাৰ নাম তৃষ্ণা ডেকা৷ কমল আৰু তৃষ্ণাৰ বিয়াখন অনুষ্ঠিত হ’ল এনে ব্যতিক্ৰমীধৰনে ৷ পুৰণি পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীত উঠি কইনা ঘৰলৈ আহি অতন্ত্য সুখী দৰা কমল কলিতা ৷গাঁৱৰ লোকসকলেও বেণ্ডৰ তালে তালে নাচি বাগি আনন্দ উল্লাস কৰিলে।

গাঁৱৰ যুৱকসকলে অতি সুন্দৰভাৱে সজাই পৰাই তুলিলে চৈ-দিয়া গাড়ীখন। ইপিনে ডোলাত উঠি দৰাঘৰলৈ আহিল কইনা তৃষ্ণা ডেকাই। পুৰণি নীতিনিয়মৰ যোগেদি নৱপ্ৰজন্মক বিয়াৰ পৰম্পৰা দেখুৱাবলৈ যত্ন কৰিছে এই বিয়াখনৰ জৰিয়তে ৷ ফটকা আতছবাজীৰে ৰঙীন কৰি তুলিলে সমগ্ৰ পৰিবেশ ৷

নৱপ্ৰজন্মক পুৰণি পৰম্পৰা চিনাকি কৰাই দিয়া কমল কলিতা আৰু তৃষ্ণা ডেকা এতিয়া সকলোৰে মাজত চৰ্চিত।উল্লেখ‍্য যে ১৩ বছৰীয়া প্ৰেমে পূৰ্ণতা পালে কমল- তৃষ্ণাৰ ৷ হোমৰ জুইক সাক্ষী কৰি পাতনি মেলিলে যুগ্ম জীৱনৰ

Exit mobile version