Nagaon Git:কাৰিকৰী শিক্ষাই সংস্থাপনৰ পথ মুকলি কৰিব:জি আই টিৰ সভাত বিধায়ক ৰূপক শৰ্মা

Git nagaon

Nagaon Git:

ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠান’গুৱাহাটী ইন্সটিটিউট অৱ টেক্‌নলজি চমুকৈ জি আই টি-এ নগাঁও চহৰস্থ শাখাই আজি এখন শৈক্ষিক আলোচনা আৰু সম্বৰ্ধনা সভাৰ আয়োজন কৰে ৷

নগাঁও প্ৰেছ ক্লাৱৰ ড:আবু হানিফা সভাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভা খনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ৷ ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয়,বৰ্তমান কাৰিকৰী শিক্ষাই সংস্থাপনৰ নতুন নতুন পথ মুকলি কৰিছে ৷ কাৰিকৰী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জি আই টি- এ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷

সভা খনত চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড:ইন্দ্ৰজিৎ বেজবৰুৱা,খাজৰিজান মহাবিদ্যালয় উপাধ্যক্ষ ড: জোনাৰাম নাথ আৰু নগাঁওৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা ৷

জি আই টি নগাঁও চৌহদৰ হৈ অবিনাশ বৰাই আঁত ধৰা সভাখনত জি আই টিৰ সঞ্চালিকা ৰুবীমা শৰ্মা গোস্বামীয়ে উপস্থিত সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

সভাত জি আই টি গুৱাহাটী কেম্পাচৰ প্ৰশাসনিক বিষয়া বিজ্ঞান কুমাৰ শৰ্মা আৰু শৈক্ষিক সমন্বয়ক ৰফচিন আলম চৌধুৰী উপস্থিত থাকে

৷সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জি আই টি নগাঁও কেম্পাচৰ সমন্বয়ক অসীম জ্যোতি বৰাই ৷ এই সভাতে নগাঁও জি আই টি ফালৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ বৰ্তমান বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী খণ্ডত সংস্থাপন লাভ কৰা দহজন কৃতী ছাত্ৰক সম্বৰ্ধনা জনোৱা হয় ৷

Exit mobile version