NOPRUF Protest In Delhi : পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ দাবীত জন্তৰ মন্তৰত NOPRUF ত সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ

old pension

NOPRUF Protest In Delhi :

পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ দাবীত সোমবাৰে জন্তৰ-মন্তৰত National Old Pension Restoration United Front [ NOPRUF ]- এ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাও অংশ গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে জন্তুৰ- মন্তৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷

সভাত অংশ লৈ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই নিজৰ ভাষণত কয়, পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ দাবী ৰাষ্ট্ৰীয় দাবী। এয়া দেশৰ প্ৰতিটো প্ৰান্তৰ শিক্ষক-কৰ্মচাৰীৰেই নহয় বৰং সাধাৰণ নাগৰিকৰো একক দাবী। যদিহে ৰাষ্ট্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমুহে ডিচেম্বৰ ২০২৩ ভিতৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ হকে সিদ্ধান্ত গ্ৰহণ নকৰিলে ২০২৪ বৰ্ষত হ’বলগীয়া লোকসভা নিৰ্বাচনত শিক্ষক-কৰ্মচাৰী সকলেই নহয় বৰং সাধাৰণ নাগৰিক সকলে নিজৰ সিদ্ধান্ত বেলটৰ যোগেদি প্ৰদান কৰিব।

উল্লেখ্য যে,দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ সহযোগত আজি নতুন দিল্লীৰ জন্তৰ মন্তৰত সংসদ ভবন ঘেৰাও কাৰ্যসূচী আয়োজিত কৰা হয়।

অসমৰ পৰা শতাধিক প্ৰতিনিধিৰ উপৰিও জম্মু, কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, চত্তিশগড়, ঝাৰখন্ড, কৰ্ণাটক, দিল্লী, হাৰিয়ণা আদি ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ কৰি কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰাৰ বাবে দাবী জনায়।

Exit mobile version