Bokakhat Firing :বোকাখাতত নিশা অঘটন !

মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়-আৱাস গৃহ চৌহদত গুলাচালনা

bokakhat sdpo

Bokakhat Firing :

বোকাখাতত সোমবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়- আবাসগৃহৰ চৌহদত গুলীচালনা ঘটনা সংঘটিত হয় ৷ হঠাতে হোৱা এই ঘটনাক লৈ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী বিষয়াৰ আবাস গৃহৰ চৌহদত ৷

মহকুমা আৰক্ষী বিষয়াৰ ৰেণুকান্তলা শীতল কুমাৰৰ নিৰাপত্তাৰক্ষীৰ ৰাইফলৰ পৰা ফুটিল এজাঁই গুলী ৷ হঠাতে শূন্যলৈ গুলী চলালে চোটেলাল শৰ্মা নামৰ নিৰাপত্তাৰক্ষীজনে ৷ প্ৰাপ্ত খবৰ অনুসৰি চাৰি নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘাতৰ বাবেই এই গুলীচালনা ঘটনা সংঘটিত হয় এই ৷

নিশাই বোকাখাত আৰক্ষীয়ে চাৰিওগৰাকী নিৰাপত্তাৰক্ষীকে আটক কৰাৰ লগতে তেওঁলোকৰ একে ৪৭ ৰাইফল কেইটা জব্দ কৰে ৷ জানিব পৰা মতে,নিৰাপত্তাৰক্ষী কেইজন সুৰামত্ত অৱস্থাত আছিল ৷

ধৃত আৰক্ষী জোৱান কেইজন হ’ল মাধুৰ্য বৰঠাকুৰ, কংকন দাস,চোটেলাল শৰ্মা আৰু কংকন পাটৰ ৷ উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সুৰাপায়ী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল ৷

Exit mobile version