Digital System Of kamrup Metro DC Office :১৮৯ বছৰীয়া ইতিহাস সামৰি আজিৰ পৰা ডিজিটেল হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যালয়

kamrup metro dc office

Digital System Of kamrup Metro DC Office :

মহাবাহুৰ নিৰ্মল সৌন্দৰ্যৰ মাজেৰে গৌৰৱোজ্জ্বল ৬৮টা বছৰ ৰাইজৰ সেৱাত ব্ৰতী হৈ সময়ৰ গতিত কাছাৰীৰ স্থায়ী ঠিকনা এৰি সম্প্ৰতি অস্থায়ীভাৱে হেঙেৰাবাৰীত স্থাপন হোৱা বহু স্মৃতি বিজড়িত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ কাইলৈৰ পৰা ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব।

এনআইচি/কেএম/ই-অফিচ / 2021/29 নম্বৰৰ এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এই কথা সদৰী কৰি পৰৱৰ্তিত সময়ৰ লগত খাপ খুৱাই কাগজৰ ফাইলৰ বিপৰীতে কাইলৈৰ পৰা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব বুলি উল্লেখ কৰিছে ।

উপায়ুক্ত কাৰ্যালয়টোৰ অধীনৰ সকলো শাখা আৰু আনুষংগিক কাৰ্যালয়ৰ কাম- কাজ ই-অফিচ পদ্ধতিৰে পৰিচালিত হ’ব বুলি উপায়ুক্ত ঝায়ে উল্লেখ কৰি জনতাই তেওঁলোকৰ সেৱা সম্পৰ্কীয় আৱেদন বা অন্যান্য কাম-কাজ ডিজিটেল পদ্ধতিৰে অর্থাৎ নির্দিষ্ট ‘e-office- dckamrup@assam.gov.in মেইলৰ জৰিয়তে কৰিব পাৰিব বুলি সদৰী কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত অর্থাৎ জনতা ভৱন, পৰিবহণ বিভাগ, ৰাজহ বিভাগ, দুর্যোগ ব্যৱস্থাপনা আদি বিভাগত ইতিমধ্যে ডিজিটেল সেৱা প্ৰৱৰ্তন কৰা হৈছে। জিলা প্ৰশাসন ব্যৱস্থাত প্ৰথমবাৰলৈ কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ডিজিটেল সেৱা প্ৰৱৰ্তন হ’ব।

অৱশ্যে এই ডিজিটেল সেৱা ব্যৱস্থাত আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়, বিভাগীয় কার্যক্রমণিকা, গোপনীয় বিষয় আৰু নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ ফাইলসমূহ আওতাৰ পৰা বাহিৰত থাকিব বুলি এক জাননীত উপায়ুক্ত ঝায়ে সদৰী কৰিছে। ফলত ডিজিটেল সেৱা প্ৰৱৰ্তন হোৱাৰ লগে লগে ব্ৰিটিছৰ দিনৰ পৰা অৰ্থাৎ ১৮৩৪ৰ পৰা ৰাইজৰ সেৱাত ব্ৰতী হৈ অহা কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কাগজ- কাইলৰ কাম-কাজ প্রায় ইতিহাস হৈ পৰিব।

উল্লেখ্য যে ব্ৰিটিছৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা অৰ্থাৎ সেই সময়ত কামৰূপ উপায়ুক্ত কাৰ্যালয় হিচাপে চিহ্নিত তথা ১৮৩৪ত প্ৰথমজন কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰা কেপ্টেইন কেচার্টে কার্যালয়টোত কাগজ-কলমৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছতে ১৮৩৫ৰ পৰা ১৮৩৮লৈ ছজন কালেক্টৰে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত অৰ্থাৎ ১৮৩৮ত ব্ৰিটিছ চৰকাৰে প্ৰথমজন উপায়ুক্ত হিচাপে কেপ্টেইন মেথিক নিযুক্ত কৰিছিল। অৰ্থাৎ ১৮৩৬ৰ পৰা ১৯৪৬ লৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ত তথা ব্ৰিটিছৰ অধীনত ৭৬ জন কালেক্টৰ আৰু উপায়ুক্তই কার্যনির্বাহ কৰিছিল।

অৱশ্যে ব্ৰিটিছৰ সময়ত তথা দেশে স্বাধীনতা লাভ কৰা বৰ্ষটোত এচিএছ এন এন কুকনেও কামৰূপ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে ১৯৪৭ৰ পৰা ২০০৩ লৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ত ৩৬ জন আইএএছ আৰু এচিত্ৰছ বিষয়াই উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০০৩ ত কাৰ্যালয়টোৰ এটা অংশ কাটি কামৰূপ মহানগৰ জিলা উপায়ুক্ত হিচাপে নামকৰণ হোৱাৰ পাছত বৰ্তমানৰ উপায়ুক্তসহ মুঠ ১১ জনে উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অর্থাৎ উপায়ুক্ত কাৰ্যালয়টোৰ ১৮৯ বছৰীয়া ইতিহাস তথা ১২৩ জন উপায়ুক্তৰ স্বাক্ষৰিত কাগজ-ফাইলৰ বৰ্ণিল স্মৃতি ইতিহাসত বিলীন কৰি কাইলৈৰ পৰা ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব উপায়ুক্ত কাৰ্যালয়টো।

উল্লেখ্য যে কার্যালয়টোত ডিজিটেল সেৱা প্ৰৱৰ্তন হোৱাৰ লগে লগে ৰাইজে তেওঁলোকৰ সেৱা সম্পৰ্কীয় কাগজ-পত্র বা আবেদন অনলাইন মাধ্যমৰ জৰিয়তে দাখিল কৰিবলৈ অসুবিধা হ’লে কাৰ্যালয়টোৰ ভূমি মহলাত থকা কেন্দ্রীয় ৰিচিপ্ট শাখাত জমা দিব পাৰিব।

এনে আবেদনসমূহ সংশ্লিষ্ট কৰ্মচাৰীয়ে স্কেন কৰি অনলাইন মাধ্যমত দাখিল কৰিব বুলি উপায়ুক্তই সদৰী কৰি কয় যে ৰাইজৰ পৰা অনলাইনত মাধ্যমত লাভ কৰা আবেদনসমূহ ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ বিষয়াই প্রতি ঘণ্টাৰ মূৰে মূৰে ডাউনলোড কৰি সংশ্লিষ্ট শাখালৈ প্ৰেৰণ কৰিব।

উপায়ুক্ত কাৰ্যালয়ৰ সকলো শাখা, চক্ৰ বিষয়াৰ কাৰ্যালয়ত ই-মেইলত অহা আবেদনসমূহ ডাউনলোড কৰাৰ দায়িত্বত একোজন ন’ডেল কৰ্মচাৰী নিয়োগ কৰা হৈছে বুলি উপায়ুক্তই সদৰী কৰি পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই আৰম্ভ কৰা ই-অফিচ ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ সকলো ৰাইজৰ প্ৰতি আহ্বান জনায়।

Exit mobile version