Shrinkhal Chaliha Arrested In Sivsagar:বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ

বিহুৰ চান্দা বিচৰা গোচৰত আটক চলিহাক, ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখত থুৱাইছিল শৃংখলে

shrinkhal Chaliha

Shrinkhal Chaliha Arrested In Sivsagar:

সততে বিৰ্তকৰ মাজত থকা বহু বিৰ্তকিত বীৰ লাচিত সেনাৰ জ্যেষ্ঠ নেতা শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে ৷ চলিহাৰ বিৰুদ্ধে বিহু চান্দাৰ নামত ব্যৱসায়ীক হাৰাশাস্তিৰ অভিযোগ। আনকি ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখলৈ থু নিক্ষেপ কৰাৰো অভিযোগ উদ্থাপিত হৈছে ।

এই দৃশ্য সামাজিক মাধ্যমক ভাইৰেল হোৱাৰ লগতে চি চি টিভিতো বন্দী হৈছে সেই দৃশ্য ৷ ইতিমধ্যে ব্যৱসায়ী অংকুশ কেডিয়াই শিৱসাগৰ সদৰ থানাত শৃংখলৰ বিৰুদ্ধে গোচৰ দিছিল ৷

আজি উপ – আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই নিজৰ বাসগৃহৰ পৰাই   আটক কৰে বহু বিৰ্তকিত শৃংখল চলিহাক। ইতিপূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷

Exit mobile version